Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৫ জানুৱাৰী, শনিবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৫ জানুৱাৰী, শনিবাৰ, ২০২২)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jan 2022 3:46 AM GMT


জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৬, ১৫, ২৪

শুভ বাৰসমূহঃ সোমবাৰ , বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ ৰঙা, গুলপীয়া, পাতল বগা




আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৫ জানুৱাৰী, শনিবাৰ, ২০২২)


মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)








আপোনাৰ আজিৰ দিনটো সুন্দৰ দিন হ'ব। আপুনি কাম কৰি সন্তুষ্টি লাভ কৰিব। আপুনি আনন্দদায়ক কাম-কাজত ব্যস্ত থাকিব আৰু সুখী হ'ব ৷ আপুনি ভাল চাকৰিৰ সুযোগ পাব আৰু ই আপোনাৰ সামৰ্থ্য আৰু অপ্ৰত্যাশা অনুসৰি হ'ব। আপোনাৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি ঘটিব ৷ আপুনি কিছু অপ্ৰত্যাশিত উৎসৰ পৰা ধন পাব । আপোনাৰ জীৱনসংগীয়ে আপোনাৰ লগত সুন্দৰ ভাগ-বাটোৱাৰা কৰিব। আপোনাক আপোনাৰ জ্যেষ্ঠসকলে আশীৰ্বাদ দিব।

বৃষ : (এপ্ৰিল ২১- মে ২১)










আজিৰ দিনটো আপোনাৰ বাবে অতি ফলদায়ক দিন হ'ব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ সান্নিধ্যত তজবজীয়া অনুভৱ কৰিব ৷ আৰু আপুনি তেওঁৰ লগত ভাল সময় অতিবাহিত কৰিব ৷ বিত্তীয় ক্ষেত্ৰত আপোনাৰ কোনো আবেগ-উদ্বিগ্নতা নাথাকিব ৷ আপুনি বিনিয়োগৰ জৰিয়তে প্ৰচুৰ লভ্যাংশ অৰ্জন কৰিব ৷ আপুনি জীৱনৰ নতুন অৰ্থৰো সন্ধান আৰু পাবলৈ চেষ্টা কৰিব। আৰু দাতব্য সেৱামূলক কামত জড়িত হ'ব।

মিথুন : (মে ২২ - জুন ২১)








আজিৰ দিনটো আপোনাৰ বাবে অতি ভাললগা দিন হ'ব ৷ এইবাৰ প্ৰেমে আপোনাক পৰিত্যক্ত নকৰিব। আপোনাৰ কাৰ্যালয়ত কাম কৰা এজন ব্যক্তিৰ সৈতে আপুনি সম্পৰ্ক গঢ়ি তুলিব। তেওঁ সু-ৰুচিবোধসম্পন্ন আকৰ্ষণীয় ব্যক্তি হ'ব ৷ জীৱনৰ প্ৰতি থকা আপোনাৰ দৃষ্টিভংগী সলনি হ'ব ৷ আপোনাৰ এটা আভ্যন্তৰীণ শক্তি থাকিব আৰু আপুনি কিছু ডাঙৰ কাম সম্পন্ন কৰিব ৷ আপুনি যথেষ্ট প্ৰশংসাও অৰ্জন কৰিব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)








অধ্যয়নত আপোনাৰ সন্তানৰ প্ৰগতি-উত্তৰণ সম্পৰ্কীয় আপুনি কিছু ভাল খবৰ পাব ৷ তেওঁলোক নিজৰ ক্ষেত্ৰত উজ্জ্বলি উঠিব ৷ ইয়ে আপোনালৈ অতিৰিক্ত আনন্দ কঢ়িয়াব। আপুনি আপোনাৰ কাৰ্যালয়ৰ কামো সম্পূৰ্ণ কৰিব ৷ আৰু জটিল পৰিস্থিতিৰ সন্মুখীন হ'লে অনুৎসাহিত নহ'ব ৷ আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব ৷ আপোনাৰ বিত্তীয় স্থিতি শক্তিশালী হৈ থাকিব ৷ আপুনি এক ধৰ্মীয় স্থান দৰ্শনলৈও যাব পাৰে ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)











আপুনি আজি ভাল চাকৰিৰ প্ৰস্তাৱ পাব ৷ আপুনি আপোনাৰ ঘনিষ্ঠজনৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱাটো গুণী-জ্ঞানীৰ কাম হ'ব ৷ আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব ৷ আপোনাৰ ঘৰত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব ৷ আপোনাৰ জীৱনসংগী বা স্বামী স্ত্ৰীৰ আপোনাৰ সৈতে কোনো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ থাকিব ৷ আপুনি তেওঁৰ কথা গভীৰ আগ্ৰহেৰে শুনিব ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পচন্দৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হ'ব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)












আপুনি পৰিয়ালৰ বান্ধোনৰ সৈতে বান্ধ খাই পৰিব ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ সুন্দৰ সংগত নিজকে সৌভাগ্যবান অনুভৱ কৰিব। আপোনাৰ সন্তানে আপোনাৰ কথা শুনিব আৰু আপোনাক সন্মান জনাব। আপুনি পৰিয়াল আৰু সমাজক সম্পূৰ্ণ সময় দিব ৷ আপুনি কাগজ-পত্ৰৰ কাম কৰি শেষ কৰিব আৰু আপোনাৰ কৰ আদায়ৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'ব ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)










আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই। কাৰণ আপুনি আপোনাৰ প্ৰেম-জীৱনক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হ'ব ৷ আজি আপোানাৰ আচৰণৰ দ্বাৰা আপোনাৰ প্ৰেমিক বা প্ৰেমিকা দোধোৰ-মোধৰত পৰিব। আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সফলতা আপোনাৰ পক্ষত ৷ এটা নতুন প্ৰকল্পক লৈ আপোনাৰ অন্তৰত প্ৰচুৰ উৎসাহ-উদ্দীপনা থাকিব ৷ আপুনি আপোনাৰ ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন।

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)











আপুনি এতিয়া সঠিক কামটো কৰাৰ প্ৰয়োজন হ'ব৷ সময় আপোনাৰ অনুকূলে নথকাৰ বাবে আপুনি সঠিক কামটো কৰাৰ যথেষ্ট কষ্ট কৰিব লাগিব। আপুনি সম্পৰ্ক পুনৰ ভাল কৰাবলৈ অতিৰিক্ত চেষ্টা কৰিব লাগিব ৷ আপোনাৰ ধৰ্মীয় স্থানত চন্দ্ৰ সক্ৰিয় হৈ আছে ৷ গতিকে ধৰ্ম-কৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব ৷ আপোনাৰ ইতিবাচক দৃষ্টিভংগী আৰু চিন্তাই আপোনাক আগলৈ লৈ যাব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)













আপুনি অতীতৰ কোনো অপ্ৰীতিকৰ কথা উলিয়ালে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আগ্ৰাসী বা বিশ্বাস ভংগকাৰী হৈ উঠিব পাৰে। আপুনি নিজকে অধিক সামাজিক কৰি তুলিব ৷ মানুহৰ লগত আপোনাৰ সংযোগ অধিক বৃদ্ধি পাব ৷ এই সময় হৈছে কোনো ডাঙৰ কামৰ পৰিকল্পনা কৰাৰ সময় ৷ আপুনি ভাবি-চিন্তিহে কোনো সিদ্ধান্ত লব। ভাগ্য আপোনাৰ অনুকূলে আছে ৷

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)









আপুনি এতিয়া কৰিব লাগে, তাৰ সিদ্ধান্ত লোৱাৰ সময় সমাগত হৈছে ৷ আপুনি পৰিয়ালৰ সদস্যবৰ্গক একেলগ কৰি আপোনাৰ বিশেষ দিনটোৰ বাবে পৰিকল্পনা কৰাৰ সময়। আপুনি কোনো উৎসৱ-পাৰ্বণ উদযাপন কৰিব ৷ আপোনাৰ পৰিয়ালত কোনো নতুন সংযোগ ঘটিব ৷ আজিৰ দিনটো আপোনাৰ বাবে অতি সুখদায়ক দিন হ'ব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হব।

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)














আপুনি কিছু জাগতিক পৃথিৱীৰ শীৰ্ষত অৱগাহন কৰা যেন অনুভৱ কৰিব ৷ যেতিয়া আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সুখী কৰি ৰখাটো ইমান সহজ নহয় বুলি অনুভৱ কৰিব, তেতিয়া আপুনি তেওঁক বিশেষ বুলি অনুভৱ কৰাবলৈ পদক্ষেপ গ্ৰহণ কৰিব। আপুনি আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি যি বিচাৰে, সেয়া ইতিমধ্যে পাইছে ৷ সমস্যা দূৰ কৰিবলৈ আপুনি চেষ্টা কৰিব ৷


মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)



আপুনি নিবিচাৰিলেও আপুনি এতিয়াই ৰোমাণ্টিক সম্পৰ্কৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব লাগিব ৷ ৷ এই সময়ছোৱা আপোনাৰ বাবে পাতলীয়া কথা-বতৰাত আনন্দ লোৱাৰ সময় ৷ গুৰু-গম্ভীৰ বৌদ্ধিক আলোচনা এৰাই চলক ৷ পৰিয়ালৰ এক গে'ট টুগেদাৰ হ'ব ৷ আপুনি সুন্দৰভাবে আপোনাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব ৷ ব্যৱসায়ত আপুনি প্ৰচুৰ ধন আয় কৰিব ৷

Next Story