অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডৰ কনছালটেণ্ট নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত চাব পাৰে।
অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডৰ কনছালটেণ্ট নিযুক্তি

অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডৰ বিষয়েঃ

অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেড (AEGCL) হৈছে কোম্পানী আইন ১৯৫৬ৰ অধীনত পঞ্জীয়নভুক্ত এটা ৰাজহুৱা খণ্ডৰ কোম্পানী। ২০০৩-ত অসম ৰাজ্যিক বিদ্যুত বোৰ্ডৰ পুনৰ গঠনৰ জৰিয়তে এই কোম্পানী গঠন কৰা হয়। ইয়াৰ কাম হৈছে বিদ্যুত উত্পাদনস্থীলৰ পৰা দক্ষতাৰে বিদ্যুত যোগান ধৰা। এই কোম্পানীয়ে ৬৬ কে ভল্টেজৰ ওপৰৰ ৩,৮৬২ চাৰ্কিট কিলোমিটাৰৰ ই এইচ বি লাইন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। আৰু ৩৮ টা ই এইচ ভি উপ-কেন্দ্ৰও এনেদৰে উত্তৰাধিকাৰ হয়।

অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডৰ নিযুক্তি ২০২২ঃ


অসম বৈদ্যুতিক গ্ৰীড নিগম লিমিটেডে পৰিৱেশ আৰু সামাজিক সুৰক্ষাৰ বাবে ব্যক্তিগত কনছালটেণ্ট (Individual Consultant) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে তলত সবিশেষ তথ্য চাব পাৰে পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত চাব পাৰে। 

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

পৰিৱেশ আৰু সামাজিক সুৰক্ষাৰ বাবে ব্যক্তিগত কনছালটেণ্ট (Individual Consultant)

খালী পদ

১টা।  

বয়সৰ সীমা 

উল্লেখ নাই। 

দৰমহা 

এ ই জি চি এলৰ নিয়ম অনুসৰি। 

চাকৰিৰ স্থান

গুৱাহাটী, অসম। 

অন্তিম তাৰিখ 

১১ জানুৱাৰী, ২০২২

আবেদন মাছুল

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ ব্যৱস্থাপনা/ সমাজ বিজ্ঞান/ সমাজ কল্যাণ/ সমাজ ব্যৱস্থাপনা বা তেনে ধৰণৰ বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা আৰু ইয়াৰে পাঁচ বছৰৰ অভিজ্ঞতা শক্তি খণ্ডৰ কামৰ হব লাগিব। তদুপৰি অন্ততঃ ১ বছৰীয়া সময়ৰ দুটা ই এ পি / আই এফ আই পুঁজি নিয়োজিত প্ৰকল্পৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব । 

আবেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলে অন্তিম তাৰিখ ১১ জানুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ GM (HR) i/c, AEGCL, Bijulee Bhawan, Paltanbazar, Guwahati–01-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ১১ জানুৱাৰীৰ সন্ধিয়া ৫ বজা। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com