নাৰ্ছিং বিষয়া নিযুক্তিৰ বাবে এইমছৰ আবেদন আহ্বান

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো বিৱৰণ চাব পাৰে:
নাৰ্ছিং বিষয়া নিযুক্তিৰ বাবে এইমছৰ আবেদন আহ্বান

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) হৈছে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ স্বতন্ত্ৰ ৰাজহুৱা চিকিত্সা বিশ্ববিদ্যালয়। সংসদে এখন আইনৰ জৰিয়তে এইমছসমূহক ৰাষ্ট্ৰীয় গুৰুত্ব বুলি ঘোষণা কৰে। ১৯৫৬ত দিল্লীৰ এইমছ স্থাপন কৰা হয়। পাছত আৰু ২২ খন এইমছ নিৰ্মাণৰ কথা ঘোষণা কৰা হয়। ২০২০ ৰ জানুৱাৰীলৈ এইমছৰ সংখ্যা ১৫ খন হয়। 

এইমছে নাৰ্ছিং বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

এই বিষয়ে তলত সবিশেষ তথ্য পাব। 

আগ্ৰহী  প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো বিৱৰণ চাব  পাৰে:

পদৰ নাম

নাৰ্ছিং বিষয়া। 

খালী পদ

উল্লেখ নাই। 

বয়সৰ সীমা

৩০-১০-২০২১-ত ১৮ ৰ পৰা ৩০ বছৰৰ ভিতৰত হব লাগিব।  অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ, এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

দৰমহা

৯,৩০০ টকাৰ পৰা ৩৪,৮০০  টকা। 

চাকৰিৰ স্থান

এইমছ ভাটিণ্ডা, এইমছ ভূপাল, এইমছ বিবিনগৰ, এইমছ দেওঘৰ, এইমছ গোৰখপুৰ, এইমছ যোধপুৰ, এইমছ কল্যাণী, এইমছ মংগলাগিৰি, এইমছ নাগপুৰ, এইমছ দিল্লী, এইমছ ৰাইবেৰেলী, এইমছ ৰাইপুৰ, এইমছ ৰাজকোট, এইমছ ঋষিকেশ, এইমছ বিজয়পুৰ। 

শিক্ষাগত অৰ্হতা

ভাৰতীয় নাৰ্ছিং পৰিষদ /ৰাজ্যিক নাৰ্ছিং পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বি এছ চি (অনাৰ্ছ) নাৰ্ছিং বা বি এছ চি (নাৰ্চিং) হব লাগিব। 


আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী/ অ বি চি প্ৰাৰ্থী: ৩,০০০টকা। এছ চি /এছ টি / EWS প্ৰাৰ্থী: ২৫০০ টকা। বিশেষভাবে সক্ষমৰ মাচুল নাই। মাচুল পৰিশোধ ডেবিট/ ক্ৰেডিট কাৰ্ড/নেট বেংকিঙেৰে কৰিব পাৰিব। 

অনলাইন আবেদন জমা দিয়াৰ আৰণ্ভণীৰ তাৰিখঃ ১৬-১০-২০২১। 

অনলাইন আবেদন জমা দিয়াৰ শেষ তাৰিখঃ ৩০-১০-২০২১। 

অনলাইন চি বি টি পৰীক্ষাৰ তাৰিখঃ ২০-১১-২০২১। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com