Begin typing your search above and press return to search.

বায়ু সেনা স্কুল, আপাৰ শ্বিলঙত শিক্ষকৰ পদ খালী

এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য উল্লেখ কৰা হৈছেঃ

বায়ু সেনা স্কুল, আপাৰ শ্বিলঙত শিক্ষকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jan 2022 1:07 PM GMT

বায়ু সেনা স্কুল, আপাৰ শ্বিলঙৰ বিষয়েঃ

বায়ু সেনা স্কুল, আপাৰ শ্বিলং হৈছে এখন প্ৰাথমিক বিদ্যালয়। ১৯৭১-ৰ ১ জুলাইৰ পৰা এই স্কুল চলি আছে। ২০০৩-ত এই স্কুল ভাৰতীয় বায়ু সেনাৰ শৈক্ষিক আৰু সাংস্কৃতিক সমাজত পঞ্জীয়নভুক্ত হয়। এই বিদ্যালয়ে ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয়. ডি এছ আই( পূব মণ্ডল), ৭৯২ এছ ইউ, ২১ পি আৰু এছ ইউ, এম ই এছ, চি ই ( এ এফ)-ত কৰ্মৰত বিষয়া-জোৱানৰ সন্তান আৰু দাঁতি-কাষৰীয়া অঞ্চলৰ গাঁৱৰ লোকৰ শিশুসকলক শিক্ষাৰ সুবিধা আগবঢ়াই আহিছে। ২০০৪-ত এই স্কুল বৰ্তমানৰ স্থানলৈ স্থানান্তৰ কৰা হয়।

এই স্কুলৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, শাৰাৰিক-মানসিক ক্ষেত্ৰৰ সৰ্বাংগীন উন্নয়ন সাধন কৰা।

বায়ু সেনা স্কুল, আপাৰ শ্বিলঙত নিযুক্তি-২০২২ঃ

বায়ু সেনা স্কুল, আপাৰ শ্বিলঙে বিভিন্ন স্তৰৰ শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য উল্লেখ কৰা হৈছেঃ


পদৰ নাম

প্ৰাথমিক স্তৰৰ শিক্ষক

নাৰ্ছাৰী শ্ৰশিক্ষিত শিক্ষক

কম্পিউটাৰ শিক্ষক

সংগীতৰ শিক্ষক

ড্ৰয়িঙৰ শিক্ষক)

খালী পদ

০১

০১

০১

০১

০১

বয়সৰ সীমা

২১-ৰ পৰা ৫০ বছৰ।

২১-ৰ পৰা ৫০ বছৰ

২১-ৰ পৰা ৫০ বছৰ।

২১-ৰ পৰা ৫০ বছৰ।

২১-ৰ পৰা ৫০ বছৰ।

দৰমহা

বায়ু সেনা স্কুল, শ্বিলঙৰ নিয়মমতে

বায়ু সেনা স্কুল, শ্বিলঙৰ নিয়মমতে

বায়ু সেনা স্কুল, শ্বিলঙৰ নিয়মমতে

বায়ু সেনা স্কুল, শ্বিলঙৰ নিয়মমতে

বায়ু সেনা স্কুল, শ্বিলঙৰ নিয়মমতে

চাকৰিৰ স্থান

শ্বিলং (মেঘালয়)।

অন্তিম তাৰিখ

২৮ জানুৱাৰী, ২০২২।

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

ক্ৰঃ নঃ

পদৰ নাম

অৰ্হতা

প্ৰাথমিক স্তৰৰ শিক্ষক

ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ,স্নাতক জিগ্ৰী। প্ৰাৰ্থীৰ ইংৰাজীত ব্যুত্পত্তি থাকিব।

নাৰ্ছাৰী শ্ৰশিক্ষিত শিক্ষক

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে নাৰ্ছাৰী শিক্ষকৰ প্ৰশিক্ষণ গ্ৰহণ কৰা হব লাগিব। ইংৰাজী ভালদৰে পঢ়িব, লিখিব আৰু কব পাৰিব লাগিব।

৩)

কম্পিউটাৰ শিক্ষক

কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা পি জি ডি চি এ/ এম চি এ / বি ই হব লাগিব।

সংগীতৰ শিক্ষক

চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা সংগীতৰ শিক্ষাগ্ৰহণ কৰা হব লাগিব।

ড্ৰয়িঙৰ শিক্ষক)

চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ড্ৰয়িং আৰু পেইণ্টিং / স্থাপত্য কলা/ গ্ৰাফিক কলাৰ ডিপ্লমা গ্ৰহণ কৰা হব লাগিব।

কেনেদৰে আবেদন কৰিব: আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন পত্ৰ অহা ২৮ জানুৱাৰীৰ ভিতৰত পোৱাকৈ Executive Director, Air Force School, Upper Shillong, HQ EAC(U), AF, P.O.- Nonglyer, Meghalaya-লৈ প্ৰেৰণ কৰিব লাগিব।


বাছনি প্ৰক্ৰিয়া: প্ৰাৰ্থী বাছনি সাক্ষাৎকাৰৰ ওপৰত আধাৰিত হ'ব।


আৰু চাব পাৰে :প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডি আৰ ডি অ')-ত জে আৰ এফ নিযুক্তি


Next Story
চাকৰি