BECIL নিযুক্তি ২০২১ - ০৯ এনেলিষ্ট, লেব এটেন্দেন্টৰ পদ খালী

ভাৰত সম্প্ৰচাৰ অভিযান্ত্ৰিক পৰামৰ্শডাতা লিমিটেডত এনেলিষ্ট, লেব এটেন্দেন্টৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন পত্ৰ বিচৰা হৈছে
BECIL নিযুক্তি ২০২১ - ০৯ এনেলিষ্ট, লেব এটেন্দেন্টৰ পদ খালী

ভাৰত সম্প্ৰচাৰ অভিযান্ত্ৰিক পৰামৰ্শডাতা লিমিটেডৰ বিষয়ে:

ভাৰত সম্প্ৰচাৰ অভিযান্ত্ৰিক পৰামৰ্শডাতা লিমিটেডৰ স্থাপনা কৰা হৈছিল ২৪ মাৰ্চ ১৯৯৫চনত। ই হৈছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ এটি প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে ৰেডিঅ' আৰু টেলিভিছনৰ সম্প্ৰচাৰ অভিযান্ত্ৰিক বিভাগৰ বাবে প্ৰকল্প পৰামৰ্শ সেৱা আগ বঢ়াই। ইয়াৰ লগতে বিল্ডিং ডিজাইনিং সেৱা আৰু সম্প্ৰচাৰৰ সৈতে জৰিত নিৰ্মাণ কাৰ্য্য সমূহ সমাপন কৰে, বিশেষ যোগাযোগ, আৰু মানৱ সম্পদ সৈতে জৰিত কাম যেনে প্ৰশিক্ষণ আৰু মানৱ শক্তিৰ যোগান ধৰে। ইয়াৰ উপৰি এই প্ৰতিষ্ঠানে আৰক্ষী আৰু পেৰা মিলিটেৰীৰ বাবে বিশেষ যোগাযোগ, নিৰীক্ষণ, সংৰক্ষণৰ যোগান ধৰে।এই প্ৰতিষ্ঠানৰ মুখ্য কাৰ্য্যালয় নতুন দিল্লীত অৱস্থিত, সংযোগী কাৰ্য্যালয় নইডাত আৰু আঞ্চলিক কাৰ্য্যালয় বেংগালুৰুত।

শেহতীয়া চাকৰীৰ অধিসূচনা:

ভাৰত সম্প্ৰচাৰ অভিযান্ত্ৰিক পৰামৰ্শডাতা লিমিটেডত পশ্চিম বেংগল, উৰিষ্যা, তামিল নাডু, অন্ধ্ৰ প্ৰদেশ, গুজৰাট আৰু কেৰেলাত শেহতীয়া ভাৱে ০৯গৰাকী এনেলিষ্ট, লেব এটেন্দেন্টৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

এনেলিষ্ট, লেব এটেন্দেন্ট

খালী পদ 

 ০৯

বয়স

অধিকতম বয়স ৬২বছৰ, ৩১/১১/২০২১ৰ মতে

দৰমহা 

১৩,০০০ - ৩৫,০০০/- টকা

অৱস্থান

 পশ্চিম বেংগল, উৰিষ্যা, তামিল নাডু, অন্ধ্ৰ প্ৰদেশ, গুজৰাট আৰু কেৰেলা

আৱেদন প্ৰক্ৰিয়া 

ইমেইল

বাছনি প্ৰক্ৰিয়া

নথিপত্ৰৰ পৰীক্ষণ, লিখিত পৰীক্ষা, সাক্ষাৎকাৰ

অধিসূচনা মুকলি হোৱা তাৰিখ 

০৮/১২/২০২১

আৱেদন দাখিলৰ অন্তিম তাৰিখ

 ২৩/১২/২০২১

পদ অনুসৰি ৰিক্ত স্থান:

পদৰ নাম 

খালী পদ

এনেলিষ্ট

০৫

নমুনা সংগ্ৰাহক 

০২ 

লেব এটেন্দেন্ট

_

কণিষ্ঠ কাৰিকৰী বিষয়া 

 ০১

চালক 

 ০১

শিক্ষাগত আৰু অন্যান্য অৰ্হতা:

শিক্ষাগত অৰ্হতা:

BECIL অফিচিয়েল অধিসূচনা অনুসৰি পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা অষ্টম শ্ৰেণী, স্নাতক ডিগ্ৰী, M. Sc, স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব।

এনেলিষ্ট : ৰসায়ন বিজ্ঞান/ বিশ্লেষণাত্মক ৰসায়ন বিজ্ঞান/ পলিমাৰ ৰসায়ন বিজ্ঞান/ এপলাইড ৰসায়ন বিজ্ঞান/ ফাৰ্মাকিউতিকেল ৰসায়ন বিজ্ঞান/ জল ৰসায়ন বিজ্ঞান/ জৈৱ বিশ্লেষণাত্মক ৰসায়ন বিজ্ঞান/ জৈৱ ৰসায়ন বিজ্ঞান/ উদ্যোগিক বায়টেকনলজি/ বায় টেকনলজি বিভাগত M. Sc উত্তীৰ্ণ হ'ব লাগিব।

নমুনা সংগ্ৰাহক : স্নাতক ডিগ্ৰী

লেব এটেন্দেন্ট : দশম শ্ৰেণী

কণিষ্ঠ কাৰিকৰী বিষয়া : ফিছাৰী বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ

চালক : অষ্টম শ্ৰেণী উত্তীৰ্ণ, LMV ড্ৰাইভিং লাইচেঞ্চ লগতে সুস্থ চকুৰ প্ৰমাণ পত্ৰ

অভিজ্ঞতা:

এনেলিষ্ট : প্ৰাসংগিক ক্ষেত্ৰত ০৬মহীয়া অভিজ্ঞতা।

কণিষ্ঠ কাৰিকৰী বিষয়া : ফিচাৰী উন্নয়ন/ গৱেষণা/ মৎস্য উৎপাদন/ মৎস্য উৎপাদনত গুণাগুণ নিয়ন্ত্ৰণ/ জলজ পালন/ মৎস্য আৰু ফিচাৰীৰ বাণিজ্য আদিত অভিজ্ঞতা থাকিব লাগিব।

চালক : চৰকাৰী বা ব্যক্তিগত খণ্ডত নূন্যতম ২বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

পদ অনুসৰি দৰমহা :

পদৰ নাম

দৰমহা (প্ৰতি মাহে)

এনেলিষ্ট 

১৮,০০০/-

নমুনা সংগ্ৰাহক

১৩,০০০/-

লেব এটেন্দেন্ট

১৪,০০০/-

কণিষ্ঠ কাৰিকৰী বিষয়া

৩৫,০০০/-

চালক

১৬,০০০/-

বয়স :

পদৰ নাম

বয়স 

এনেলিষ্ট 

অধিকতম ২৫ বছৰ

নমুনা সংগ্ৰাহক

অধিকতম ২৫ বছৰ

লেব এটেন্দেন্ট

অধিকতম ২৮বছৰ

কণিষ্ঠ কাৰিকৰী বিষয়া

অধিকতম ৪০বছৰ

চালক

২১ - ৬২বছৰ

তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক :

• অফিচিয়েল ৱেবচাইট becil.com লৈ যাওক

• BECIL কেৰিয়াৰ বা নিযুক্তি যোগে আৱেদন কৰিব বিচৰা পদ বাছনি কৰক

• আৱেদন কৰিব বিচৰা পদৰ অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• শুদ্ধভাৱে আৱেদন পূৰণ কৰক

• আৱেদন মাছুল পৰিশোধ কৰক (যদিহে আছে), আৰু hr.bengaluru@becil.com ইমেইল লৈ অন্তিম তাইখৰ পূৰ্বে নিজৰ আৱেদন প্ৰেৰণ কৰক

আৱেদন প্ৰক্ৰিয়া:

ইছাউক প্ৰাৰ্থী সকলে hr.bengaluru@becil.com ইমেইল যোগে অন্তিম তাৰিখ ২৩/১২/২০২১ৰ পূৰ্বে নিজৰ আৱেদন সমূহ প্ৰেৰণ কৰিব পৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com