NIT জলান্ধৰ নিযুক্তি ২০২১ - ০৪ ক্ষেত্ৰ সহকাৰী পদ খালী
NIT জলান্ধৰত ক্ষেত্ৰ সহকাৰীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে

NIT জলান্ধৰৰ বিষয়ে:
ড. বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠানৰ পূৰ্বৰ নাম আছিল আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়। এই প্ৰতিষ্ঠান অৱস্থিত ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ জলান্ধৰত। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, ভাৰত ভাৰত চৰকাৰৰ দ্বাৰা এই প্ৰতিষ্ঠানক পৰিগণিত কৰা হয় ৰাজ্যৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ৰূপে। পূৰ্বৰ নাম আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধীনত এই প্ৰতিষ্ঠানৰ আৰম্ভণি কৰা হৈছিল ভাৰত চৰকাৰ আৰু পাঞ্জাৱ চৰকাৰৰ যুটীয়া অভিযান ৰূপে। চন ১৯৮৯ত এই প্ৰতিষ্ঠান স্থাপিত কৰা হৈছিল জলান্ধৰ জিলাৰ বিধিপুৰ গাওঁ আৰু সুৰানুচ্চি গাওঁৰ ভূমিত।
NIT জলান্ধৰত শেহতীয়া চাকৰীৰ অধিসূচনা:
NIT জলান্ধৰত শেহতীয়া ভাৱে ক্ষেত্ৰ সহকাৰীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।
পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল:
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | ক্ষেত্ৰ সহকাৰী |
খালী পদ | ০৪ |
বয়স | এন/এ |
দৰমহা | ২০,০০০/- টকা, প্ৰতি মাহে |
অৱস্থান | পাঞ্জাৱ |
অন্তিম তাৰিখ | ১৬/১২/২০২১ |
শিক্ষাগত আৰু অন্যান্য অৰ্হতা:
শিক্ষাগত অৰ্হতা:
NIT জলান্ধৰৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা, B. Sc উত্তীৰ্ণ হ'ব লাগিব।
অভিজ্ঞতা :
আৱেদন দাখিল কৰা প্ৰাৰ্থী সমূহ স্থানীয় লোক হ'ব লাগিব, যাৰ স্থানীয় ভাষাত কথোপকথনৰ কৰিব পৰা দৰ্শতা থাকিব আৰু লগতে জৰীপৰ পূৰ্ব অভিজ্ঞতা থাকিব লাগিব
আৱেদন প্ৰক্ৰিয়া:
ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ অন্তিম তাৰিখ ১৬ ডিচেম্বৰ ২০২১ৰ পূৰ্বে kaurj@nitj.ac.in, drjagdeepkaurnitj@gmail.com যোগে প্ৰয়োজনীয় নথিপত্ৰ সহ প্ৰেৰণ কৰিব লাগিব।
আৰু পঢ়ক : উপযুক্ত কাৰ্য্যালয় চাংলাংত ০১ গৱেষণাগাৰ সহকাৰীৰ পদ খালী