Begin typing your search above and press return to search.

উপাযুক্ত কাৰ্য্যালয় চাংলাংত ০১ গৱেষণাগাৰ সহকাৰীৰ পদ খালী

উপাযুক্ত কাৰ্য্যালয় চাংলাংত গৱেষণাগাৰ সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে

উপাযুক্ত কাৰ্য্যালয় চাংলাংত ০১ গৱেষণাগাৰ সহকাৰীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Dec 2021 11:44 AM GMT

চাংলাং জিলাৰ বিষয়ে:

নিজৰ মনোমূহা প্ৰাকৃতিক পৰিৱেশ আৰু সেউজীয়া পাহাৰ সমূহৰ বাবে অতিকৈ বিখ্যাত চাংলাং জিলা। এই জিলা অৱস্থিত অৰুণাচল প্ৰদেশৰ দক্ষিণপূব ক্ষেত্ৰত। এই স্থানৰ বৰ্গক্ষেত্ৰ হৈছে ৪,৬৬২ বৰ্গ, কি.মি. আৰু ২০১১চনৰ গণনাৰ মতে ইয়াৰ জনসংখ্যা ১,৪৮,২২৬ গৰাকী। প্ৰচলিত কথা অনুসৰি চাংলাং জিলাৰ নাম লোৱা হৈছে স্থানীয় শব্দ চাংলাংকানৰ পৰা, যাৰ অৰ্থ পৰ্বতশীৰ্ষ, য'ৰ পৰা স্থানীয় লোক সকলে আৱিষ্কাৰ কৰিছিল এটি বিষাত্মক দ্ৰব্য, যাৰ ব্যৱহাৰ হয় নদী সমূহত মাছক বিষক্ৰিয়া কৰিবৰ হেতু।

উপাযুক্ত কাৰ্য্যালয় চাংলাংত শেহতীয়া চাকৰীৰ অধিসূচনা:

উপাযুক্ত কাৰ্য্যালয় চাংলাংত শেহতীয়া ভাৱে গৱেষণাগাৰ সহকাৰীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

গৱেষণাগাৰ সহকাৰী

খালী পদ

০১

অৱস্থান

চাংলাং, অৰুণাচল প্ৰদেশ

বয়স

১৮ - ৩২বছৰ

দৰমহা

১২,২০০/- টকা

অন্তিম তাৰিখ

১৫/১২/২০২১


শিক্ষাগত অৰ্হতা:

গৱেষণাগাৰ সহকাৰী

• বিজ্ঞান বিভাগৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব

• গৱেষণাগাৰ টেকনিচিয়ানৰ পদত নূন্যতম ১বছৰীয়া কৰ্ম অভিজ্ঞতা থাকিব লাগিব


আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ, স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে "কাৰ্য্যবাহী অভিযন্তা, PHE আৰু WS খণ্ড, চাংলং, অৰুণাচল প্ৰদেশ" লৈ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ ২০২১ৰ পূৰ্বে প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া: ব্যক্তিগত সাক্ষাৎকাৰ


আৰু পঢ়ক : পশ্চিম চিয়াঙৰ জিলা স্বাস্থ্য বিষয়াৰ অধীনত পদ খালী


Next Story
চাকৰি