Begin typing your search above and press return to search.

DRDO নিযুক্তি ২০২২ - প্ৰশিক্ষাৰ্থীৰ, শেহতীয়া পদ খালী

DRDOত উপযুক্ত প্ৰাৰ্থী সকলক প্ৰশিক্ষাৰ্থীৰ খালী পদৰ নিযুক্তিৰ বাবে আবেদন পত্ৰ দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে

DRDO নিযুক্তি ২০২২ - প্ৰশিক্ষাৰ্থীৰ, শেহতীয়া পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Dec 2021 11:24 AM GMT

DRDO ৰ বিষয়ে :

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠন (DRDO) হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনত পৰিচালিত এক প্ৰিমিয়াৰ এজেন্সী। এই প্ৰতিষ্ঠানৰ মূল লক্ষ্য মিলিটেৰীৰ বাবে গৱেষণা আৰু উন্নয়নৰ দিশে কাম কৰা। এই প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। কাৰিকৰী উন্নয়ন প্ৰতিষ্ঠিত আৰু কাৰিকৰী উন্নয়ন সঞ্চালকালয় আৰু ভাৰতীয় অৰ্ডনেন্স উদ্যোগিক উৎপাদনে প্ৰতিৰক্ষা বিজ্ঞান সংগঠনৰ সহযোগত এই স্থানৰ স্থাপনা কৰিছিল ১৯৫৮চনত। পৰবৰ্তী সময়ত, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সেৱা গঢ়ি তোলা হয় চন ১৯৭৯ত, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰশাসনিক শাসনৰ অধীনত গ্ৰুপ এ বিষয়া/ বিজ্ঞানিক সকলৰ এক সংগঠন ৰূপে।

এৰোনটিক্স, অস্ত্ৰ শস্ত্ৰ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰ সাঙুৰি মুঠ ৫২টা গৱেষণাগাৰৰ সহায়ত গঠিত হোৱা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠন হৈছে ভাৰতৰ সৰ্ববৃহৎ গৱেষণা প্ৰতিষ্ঠান।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠন পদ খালী :

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠনত শেহতীয়া ভাৱে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক প্ৰশিক্ষাৰ্থীৰ খালী পদৰ নিযুক্তিৰ বাবে আবেদন পত্ৰ দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰশিক্ষাৰ্থী

পদৰ সংখ্যা

১১

বয়স

এন/এ

দৰমহা

৬,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

জোধপুৰ, ৰাজস্থান

অন্তিম তাৰিখ

২৬/১২/২০২১


শিক্ষাগত অৰ্হতা:

DRDO ৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া:

উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত directorate@dl.drdo.in লৈ ইমেইল যোগে অন্তিম তাৰিখ ২৬/১২/২০২১ৰ পূৰ্বে সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে প্ৰেৰণ কৰিব লাগিব।


আৰু পঢ়ক : এলায়েন্স এয়াৰত ছুপাৰভাইজাৰ ছিকিউৰিটীৰ পদ খালী


Next Story
চাকৰি