Begin typing your search above and press return to search.

সহকাৰী সঞ্চালক নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

অসম লোকসেৱা আয়োগ(এ পি এছ চি)-এ সহকাৰী সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

সহকাৰী সঞ্চালক নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-22T15:01:42+05:30

খালী পদৰ সংখ্যাঃ ১২টা।

দৰমহাঃ মাহিলী ১২হেজাৰ টকাৰ পৰা ১,১০,০০০টকা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ২৫ বছৰতকৈ কম আৰু ৪০ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত ২৫০টকা। এছ চি-এছ টি, অ বি চি আৰু এম অ বি চি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৫০টকা। বি পি এলৰ প্ৰাৰ্থীয়ে আবেদন মাচুল জমা দিব নালাগে। আবেদনৰ সৈতে বি পি এলৰ প্ৰমাণপত্ৰৰ কপি জমা দিব লাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াৰ বিষয়ে আয়োগে পাছত জনাব। প্ৰয়োজনত সংশোধনী থাকিলে, সেয়াও প্ৰকাশ কৰিব। আয়োগে পৰীক্ষা আয়োজন কৰা সন্দৰ্ভতো সিদ্ধান্ত ল'ব।

ঠিকনাঃ Address: Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati – 781022।

সবিশেষ জানিবলৈ http://apsc.nic.in/advt_2020/Advt_No_04_2020_26June2020.pdf চাওক।

আৰু পঢ়িব পাৰেঃ অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ নাৰ্ছ নিযুক্তি

Next Story