গৱেষণা সহকাৰী নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগৰ  আবেদন আহ্বান

গৱেষণা সহকাৰী নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগৰ আবেদন আহ্বান

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
Published on

অসম লোকসেৱা আয়োগ ১৯৩৭ৰ ১ এপ্ৰিলত প্ৰতিষ্ঠা কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ জৱাহৰনগৰত কাৰ্যালয় অৱস্থিত এ পি এছ চি অসামৰিক সেৱা বিষয়া নিযুক্তিৰ বাবে এটা কৰ্তৃত্বশীল সংস্থা। ভাৰত চৰকাৰ আইন, ১৯৩৫ অনুসৰি এ পি এছ চি প্ৰতিষ্ঠা কৰা হয়। এ পি এছ চিৰ প্ৰথমজন অধ্যক্ষ আছিল জেমছ হেজেলেট। তেওঁ অৱসৰপ্ৰাপ্ত আই চি এছ বিষয়া আছিল। ভাৰত স্বাধীন হোৱাৰ পাছত সংবিধানৰ ৩১৮ অনুচ্ছেদ অনুসৰি অসমৰ ৰাজ্যপালে এ পি এছ চিৰ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰে। 

গৱেষণা সহকাৰী নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। 

আগ্ৰহী  প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব  পাৰে:

পদৰ নাম

গৱেষণা সহযোগী

খালী পদ

৪৫ টা

বয়সৰ সীমা

১-১-২০১৯ত ২১ ৰ পৰা ৩৮ বছৰ। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব। 

দৰমহা

২২ হেজাৰ টকাৰ পৰা ৯৭ হেজাৰ টকা। 

চাকৰিৰ স্থান

অসম

আবেদনৰ অন্তিম তাৰিখ

০৩/১১/২০২১

শিক্ষাগত অৰ্হতা আৰু সচিবীয় সহায়কৰ বাবে যোগ্যতাৰ চৰ্ত:

প্ৰাৰ্থী পৰিসংখ্যা, অৰ্থনীতি, গণিত, কৃষি অৰ্থনীতি, সমাজশাস্ত্ৰ, নৃতত্ব, সামাজিক নৃতত্ব, সামাজিক কৰ্ম, বিজনেছ প্ৰশাসন, ভূগোল, বাণিজ্যঃ ইয়াৰ যিকোনো এটা বিষয় লৈ স্বীকৃতিপ্ৰাপ্ত বিশববিদ্যালয়ৰ পৰা কলা বা বিজ্ঞান বা বাণিজ্যৰ ডিগ্ৰীধাৰী হব লাগিব। 

আবেদন পত্ৰ পূৰণৰ বাবে apsc.nic.in চাওক। ইয়াৰ career / Recruitment-ত ক্লিক কৰিব। 

এ পি এছ চিৰ জাননীৰ বাবে ক্লিক কৰক ঃ http://apsc.nic.in/advt_2021/Advt_07_2021.pdf

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com