ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ত পঞ্জীয়ক- ব্যক্তিগত সহায়ক নিযুক্তি
এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ বিষয়েঃ
ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় (ARGUCOM) হৈছে অসমৰ প্ৰথমখন এনে বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা আইন, ২০১০-ৰ অধীনত স্থাপন কৰা হয়। বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)-এ (জাননী নম্বৰঃ এফ ৯-২১/ ২০১১ ( চি পি চি-পি ইউ), তাৰিখঃ ২৭, ২০২১ যোগে) এই বিশ্ববিদ্যালয়ক স্বীকৃতি দিছে। এই বিশ্ববিদ্যালয় শিৱসাগৰত অৱস্থিত। এই বিশ্ববিদ্যালয় হৈছে এখন আৱাসিক বিশ্ববিদ্যালয়। সমবায় আন্দোলন আৰু গ্ৰাম্য অৰ্থনীতিক অধিক ত্বৰান্বিতকৰণৰ উদ্দেশ্য এই বিশ্ববিদ্যালয়ে অধ্যয়ন, গৱেষণা আদিৰ কাম কৰে।
ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ত নিযুক্তি ২০২১১ঃ
অসম ৰাজীৱ গান্ধী সমবায় বিশ্বিদ্যালয়ে পঞ্জীয়ক, ব্যক্তিগত সচিব আদি নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত অধিক তথ্য পাব।
এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।
পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য |
পদৰ নাম | পঞ্জীয়ক, ব্যক্তিগত সচিব। |
পদ | নিৰ্দিষ্টকৈ উল্লেখ নাই |
আবেদনৰ শেষ তাৰিখ | ১৪ জানুৱাৰী, ২০২২। |
দৰমহা | মাহিলী ১, ৪৪, ২০০ টকাৰ পৰা ২, ১৮, ২০০ টকা। |
চাকৰিৰ স্থান | শিৱসাগৰ। |
বাচনি প্ৰক্ৰিয়া | সাক্ষাতকাৰ। |
ৱেবছাইট | argucom.assam.gov.in |
শিক্ষাগত অর্হতা :
পঞ্জীয়কৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি একাডেমিক লেভেল-১১ত সহকাৰী অধ্যাপকৰূপে কমেও ১৫ বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব। অথবা একাডেমিক লেভেল-১২ত ৮ বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব। এইক্ষেত্ৰত সহযোগী অধ্যাপকৰূপে ৩ বছৰ কাম কৰিব লাগিব।
ব্যক্তিগত সহায়কৰ ক্ষেত্ৰত প্ৰাৰ্থী এম বি এ হব লাগিব।
কনিষ্ঠ গাণনিকৰ ক্ষেত্ৰত প্ৰাৰ্থী এম বি এ (বিত্ত) বা এম কম হব লাগিব।
খালী পদৰ সংখ্যাঃ
পঞ্জীয়কঃ উল্লেখ নাই।
ব্যক্তিগত সহায়কঃ ৩টা।
কনিষ্ঠ গাণনিকঃ ১টা।
বয়সৰ সীমাঃ পঞ্জীয়কৰ ক্ষেত্ৰত সৰ্বোচ্চ ৬০ বছৰ।
ব্যক্তিগত সচিব আৰু কনিষ্ঠ গাণনিকৰ ক্ষেত্ৰত নিয়মাৱলী অনুসৰি।
আবেদন প্ৰক্ৰিয়া :
অফিচিয়েল ৱেবছাইট argucom.assam.gov.in চাব আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। অফিচিয়েল ৱেবছাইট বা অধিসূচনা লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰক। আবেদন পত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।
আবেদন পত্ৰৰ সৈতে আবেদনৰ মাচুল (দিহ লগা হলে) জমা দিব।
আৰু চাব পাৰে : কৰ্মচাৰী বীমা নিগম, কলকাতাত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদ খালী