আৰ্মী পাব্লিক স্কুল যোৰহাটত স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তি

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
আৰ্মী পাব্লিক স্কুল যোৰহাটত স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তি

আৰ্মী পাব্লিক স্কুল যোৰহাটৰ বিষয়েঃ 

১৯৮০ৰ ১৫ জানুৱাৰীত সেনা দিৱসৰ দিনা তেতিয়াৰ সেনাপ্ৰধানে সমগ্ৰ দেশত সেনা স্কুল স্থাপনৰ কথা ঘোষণা কৰে। প্ৰতিৰক্ষা বাহিনীসমূহৰ সন্তানক বহনক্ষম মূল্যত মানসম্পন্ন শিক্ষাদানৰ উদ্দেশ্য তেওঁ সেনা স্কুল স্থাপনৰ কথা ঘোষণা কৰে। সেই অনুসৰি ১৯৯২ৰ ১ জুলাইত মাথোঁ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু তিনিজন শিক্ষকেৰে যোৰহাটৰ আৰ্মী পাব্লিক স্কুল আৰম্ভ হয়। তেতিয়াৰে এই স্কুলে সফলতাৰ বহু অধ্যায় অতিক্ৰম কৰিছে। ইয়াৰ জৰিয়তে উত্তৰ-পূবত এই স্কুল আগশাৰীৰ শিক্ষানুষ্ঠানত পৰিণত হৈছে। ছাত্ৰ-ছাত্ৰী উভয়ে অধ্যন কৰিব পৰা যোৰহাটৰ সেনা স্কুলত দ্বাদশ শ্ৰেণীলৈকে পাঠদান কৰা হয়। উচ্চতৰ মাধ্যমিকত তিনিটা শাখা ক্ৰমে কলা, বিজ্ঞান আৰু বাণিজ্য শাখা আছে। এই স্কুলৰ পাঠ্যক্ৰম এন চি ই আৰ টিৰ। ইয়াৰ মাধ্যম ইংৰাজী। এই স্কুল প্ৰশাসনিকভাবে সেনা কল্যাণ শিক্ষা সমিতিৰ আওতাত জি ও চি চাব-এৰিয়া ৪১ৰ দ্বাৰা নিয়ন্ত্ৰিত। এই স্কুল চি বি এছ ইৰ অধীনৰ। এই স্কুলত গণিত, ইংৰাজী, হিন্দী, সংস্কৃত, বিজ্ঞান, সমাজ বিজ্ঞানৰ পাঠদান কৰা হয়। এই স্কুলত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধনত গুৰুত্ব দিয়া হয় যাতে তেওঁলোক দেশৰ প্ৰকৃত নাগৰিকত পৰিণত হয়। 

আৰ্মী পাব্লিক স্কুল যোৰহাটত নিযুক্তিঃ  

আৰ্মী পাব্লিক স্কুল যোৰহাটে বিভিন্ন বিষয়ৰ শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ 

প্ৰয়োজনীয় তথ্য

পদৰ নাম 

স্নাতকোত্তৰ শিক্ষক (পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ৰাজনীতি বিজ্ঞান), স্নাতকোত্তৰ শিক্ষক( ফিজিকেল এডুকেচন), স্নাতক শিক্ষক (গণিত)।  

খালী পদৰ সংখ্যা 

প্ৰত্যকটো শিক্ষক শাখাৰ এটাকৈ।  মুঠঃ ০৩টা। 

দৰমহা

উল্লেখ নাই। 

বয়সৰ সীমা

নতুন প্ৰাৰ্থী যিসকলৰ অভিজ্ঞতা ৫ বছৰতকৈ কম তেওঁলোকৰ ক্ষেত্ৰত ১ এপ্ৰিল, ২০২২ত ৪০ বছৰতকৈ কম। অভিজ্ঞ  প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫৭ বছৰ।  

বাছনি প্ৰক্ৰিয়া 

 সাক্ষাৎকাৰ

নিযুক্তিৰ স্থান 

যোৰহাট, অসম। 

আবেদনৰ মাচুল

১০০ টকা। 

আবেদনৰ অন্তিম তাৰিখ 

৫ জানুৱাৰী, ২০২২। 

শিক্ষাগত অৰ্হতাঃ  

পদৰ নাম

অভিজ্ঞতা

স্নাতকোত্তৰ শিক্ষক (পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ৰাজনীতি বিজ্ঞান)

সংশ্লিষ্ট বিষয়ত ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে ন্যূনতম ৫০ শতাংশ নম্বৰসহ বি এড ডিগ্ৰী থাকিব লাগিব। 

স্নাতকোত্তৰ শিক্ষক( ফিজিকেল এডুকেচন)

সংশ্লিষ্ট বিষয়ত ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। 



স্নাতক শিক্ষক (গণিত)।

সংশ্লিষ্ট বিষয়ত ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতক হোৱাৰ লগতে ন্যনতম ৫০ শতাংশ নম্বৰসহ বি এড থকা হব লাগিব।  তদুপৰি কেন্দ্ৰীয় টেট উত্তীৰ্ণ হব লাগিব। 

আবেদনৰ প্ৰক্ৰিয়াঃ 

প্ৰাৰ্থীয়ে আবেদন পত্ৰ  অহা ৫ জানুৱাৰীৰ ভিতৰত পোৱাকৈ Army Public School, Jorhat, Near MES Gate Rowriah, P.O.-Chaliha, Dist.- Jorhat (Assam), PIN-785004লৈ প্ৰেৰণ কৰিব পাৰে। 

আবেদন পত্ৰ https://www.apsjorhat.org/-ৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে ডিমাণ্ড ড্ৰাফটযোগে ১০০ টকা জমা দিব লাগিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com