Begin typing your search above and press return to search.

আই আই টি গুৱাহাটীত জে আৰ এফ, চিনিয়ৰ প্ৰজেক্ট টেকনিচিয়ানৰ পদখালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত জে আৰ এফ, চিনিয়ৰ প্ৰজেক্ট টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে

আই আই টি গুৱাহাটীত জে আৰ এফ, চিনিয়ৰ প্ৰজেক্ট টেকনিচিয়ানৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Dec 2021 12:05 PM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল ১৯৯৪চনত। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত পদখালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত শেহতীয়া ভাৱে জে আৰ এফ, চিনিয়ৰ প্ৰজেক্ট টেকনিচিয়ানৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'

চিনিয়ৰ প্ৰজেক্ট টেকনিচিয়ান

খালী পদৰ সংখ্যা

০১

০১

দৰমহা

৩১,০০০- টকা, প্ৰতি মাহে

১৮,০০০/- টকা, প্ৰতি মাহে

পদৰ অৱস্থান

গুৱাহাটী, অসম

আৱেদন প্ৰক্ৰিয়া

অনলাইন সাক্ষাৎকাৰ

অন্তিম তাৰিখ

২০ ডিচেম্বৰ ২০২১

ৱেবচাইট

iitg.ac.in



শিক্ষাগত আৰু অন্যান্য অৰ্হতা:

শিক্ষাগত অৰ্হতা

অভিজ্ঞতা

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল' - মেকানিকেল বিভাগত BE/ B Tech উত্তীৰ্ণ

উল্লেখিত নাই

চিনিয়ৰ প্ৰজেক্ট টেকনিচিয়ান - মেকানিকেল অভিযান্ত্ৰিক বিভাগত ডিপ্লোমা

৫বছৰীয়া অভিজ্ঞতা ( সৌৰ শক্তি মেচিন উৎপাদন কাৰ্য্যত কৰ্ম অভিজ্ঞতা থকা সকলক প্ৰাধান্য দিয়া হ'ব)। স্থানীয় ভাষা যেনে অসমীয়া, বড়ো আদিত কথোপকথনৰ কৌশল থাকিব লাগিব।


উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট iitg.ac.in লৈ যাওক

• IIT গুৱাহাটীত নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক

• জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল' আৰু চিনিয়ৰ প্ৰজেক্ট টেকনিচিয়ানৰ পদৰ অধিসূচনা আৰু অৰ্হতা পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক

• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক

• যদিহে কোনো ধৰণৰ আৱেদন মাছুল পৰিশোধ কৰিবলৈ উল্লেখ আছে তেন্তে সেইয়া পৰিশোধ কৰক আৰু নিজৰ আৱেদন পত্ৰ তলত উল্লেখিত ধৰণে অন্তিম তাৰিখৰ পূৰ্বে প্ৰেৰণ কৰক

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ ইমেইল যোগে অন্তিম তাৰিখ ২০ ডিচেম্বৰ ২০২১ ৰ পূৰ্বে সকলো নথি পত্ৰ সহ প্ৰেৰণ কৰিব লাগিব।


আৰু পঢ়ক : DRDO নিযুক্তি ২০২২ - প্ৰশিক্ষাৰ্থীৰ, শেহতীয়া পদ খালী


Next Story
চাকৰি