Begin typing your search above and press return to search.

অসম এইডছ নিয়ন্ত্ৰণ সমিতিত পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

অসম এইডছ নিয়ন্ত্ৰণ সমিতিত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Dec 2021 11:00 AM GMT

অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ বিষয়েঃ অসম এইডছ নিয়ন্ত্ৰণ সমিতি বা কৰ্মসূচী এক ৰাজ্যিক কোষৰূপে আৰম্ভ হয়। এই এইডছ নিয়ন্ত্ৰণ সমিতি ১৯৯২ চনত অসমৰ স্বাস্থ্য সঞ্চালকাৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাৰ অধীনত প্ৰতিষ্ঠা কৰা হয়। এই কৰ্মসূচী চালন বা পৰিচালনাৰ বাবে এজন যুটীয়া সঞ্চালক পৰ্যায়ৰ কৰ্মসূচী বিষয়া নিয়োগ কৰা হয়। নীতি-নিৰ্দেশনা অনুসৰি অন্যান্য বিষয়া-কৰ্মচাৰীও নিয়োগ কৰা হয়। ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে ৰাষ্ট্ৰীয় এইডছ প্ৰতিৰোধ কৰ্মসূচীক কাম-কাজৰ ক্ষেত্ৰত অনুসৰণ কৰে। এই ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কৰ্মসূচী ১৯৯৭ত অন্ত পৰে। কিন্তু ইয়াৰ ম্যাদ ১৯৯৮লৈকে বৃদ্ধি কৰা হয়।

অসম এইডছ নিয়ন্ত্ৰণ সমিতিয়ে চিকিত্সা বিষয়া নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

তলত এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ তথ্য পাব।




পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

চিকিত্সা বিষয়া।

খালী পদৰ সংখ্যা

০২টা।

বয়স

০১-০১-২০২১-ত বয়স ৬৫ বছৰতকৈ অধিক হব নালাগিব।


দৰমহা

মাহিলী ৫০ হেজাৰ টকা।

নিযুক্তিৰ স্থান

অসম।

অন্তিম তাৰিখ

০৭-১২-২০২১।

ৱেবছাইটঃ karimganj.gov.in।

শিক্ষাগত অৰ্হতা:

কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা প্ৰাৰ্থী এম বি বি এছ ডিগ্ৰীধাৰী হব লাগিব। NACO-ৰ কোনো প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰাৰ্থী বা NACO-ত কাম কৰা অগ্ৰাধিকাৰ দিয়া হব। প্ৰাৰ্থীৰ সংশ্লিষ্ট মেডিকেল কাউন্সিলৰ বৈধ পঞ্জীয়ন থাকিবই লাগিব।


আবেদন প্ৰক্ৰিয়া:

প্ৰাৰ্থীয়ে অৰ্হতা, বয়স আদিৰ মূল প্ৰমাণপত্ৰসহ সাক্ষাতকাৰলৈ আহিব লাগিব। সাক্ষাতকাৰ বোৰ্ডৰ আগত ষ্টেণ্ডাৰ্ড ফৰ্ম পূৰাই নথিপত্ৰৰ প্ৰতিলিপি আৰু শেহতীয়াকৈ তোলা একপি ফটো জমা দিব লাগিব।


প্ৰাৰ্থী বছনিঃ ০৭-১২-২০২১-ৰ পুৱা ১১ বজাত College Building, Fakhruddin All Ahmed Medical College & Hospital, Barpeta, Assamত মোখিক সাক্ষাতকাৰ অনুষ্ঠিত হব।


আৰু চাব পাৰে : NALCO নিযুক্তি ২০২১ : হোমিওপেথি চিকিৎসকৰ পদখালী


Next Story
চাকৰি