Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্য়ালয়ত কনাছালটেণ্টৰ পদখালী

এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

অসম কৃষি বিশ্ববিদ্য়ালয়ত কনাছালটেণ্টৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2021 12:40 PM GMT

অসম কৃষি বিশ্ববিদ্য়ালয়ৰ বিষয়েঃ


অসম কৃষি বিশ্ববিদ্যালয় হৈছে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য হৈছে কৃষি খণ্ডৰ বাবে বিশ্বমানৰ মানৱ সম্পদ তৈয়াৰ কৰা। ইয়াৰ জৰিয়তে কৃষকসকল আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱসায় কৰাসকলৰ উপকাৰ্থে কৃষিক্ষেত্ৰত গৱেষণা চলোৱা। লগতে সাধাৰণ মানুহৰ খাদ্য সুৰক্ষা নিশ্চিত কৰা।

অসম কৃষি বিশ্ববিদ্যালয় হৈছে বিশ্বৰ একমাত্ৰ শৈক্ষিক কেন্দ্ৰ যত চাহ পালন আৰু চাহ প্ৰযুক্তিৰ স্পেচিয়েলাইজেচনসহ কৃষি বিজ্ঞানৰ চাৰি বছৰীয়া সংহত ডিগ্ৰী পাঠ্যক্ৰমৰ শিক্ষা আগবঢ়োৱা হয়। এই পাঠ্যক্ৰমে চাহ খেতি কৰা, চাহ উত্পাদন আৰু বিপননক সামৰি লয়। অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি বিজ্ঞানৰ বি এছ চি, এম এছ চি আৰু পি এইচ ডি শিক্ষা আগবঢ়োৱা হয়। এই বিশ্ববিদ্যালয়ৰ গাৰ্হস্থ্য বিজ্ঞান বিভাগে সকলো বিভাগৰ বি এছ চি আৰু এম এছ চি শিক্ষা আগবঢ়োৱাৰ উপৰি খাদ্য আৰু পৰিপুষ্টিত পি এইচ ডি শি৭া আগবঢ়ায়। বৰ্তমানে বি ভি এছ চি আৰু পশুপালন বিভাগৰ প্ৰথমবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১০০। এম ভি এছ চিৰ সংখ্যা ১০ আৰু পি এইচ ডিৰ সংখ্যা ৪।

অসম কৃষি বিশ্ববিদ্য়ালয়ত পদখালীঃ

অসম কৃষি বিশ্ববিদ্যালয়ে কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ



এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কনছালটেণ্ট।

পদ

১ টা।

বয়সৰ সীমা

উল্লেখ নাই।


দৰমহা

মাহিলী ৬০ হেজাৰ টকা।

চাকৰিৰ স্থান

যোৰহাট।

অন্তিম তাৰিখ

৩০ ডিচেম্বৰ, ২০২১।

আূবেদনৰ মাচুল

নাই।

শিক্ষাগত অর্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীন কৃষি / জীৱন বিজ্ঞানৰ পি এইচ ডি হব লাগিব।

অভিজ্ঞতাৰ সবিশেষঃ কলা কৰ্ষণ/Shoot Tip -ৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া :


নিৰ্ধাৰিত প্ৰ-পত্ৰত আবেদন পত্ৰ অহা ৩০ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ ID, dr_agri@aau.ac.in-লৈ প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰে : জৱাহৰলাল নেহৰু স্নাতকোত্তৰ প্ৰতিষ্ঠানত পদ খালী

Next Story
চাকৰি