অসম আৰক্ষীত কনিষ্টবলৰ ২,১৪৩টা পদত নিযুক্তি

এই পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ তথ্য় তলত পাবঃ
অসম আৰক্ষীত কনিষ্টবলৰ ২,১৪৩টা পদত নিযুক্তি

অসম আৰক্ষীৰ বিষয়েঃ 

অসম আৰক্ষী হৈছে অসমৰ আইন বলবতকাৰী সংস্থা। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰৰ পাছত ব্ৰিটিছৰ শাসনৰ সময়তে অসমত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে নিয়মীয়া আৰক্ষী বাহিনী গঠন কৰা হৈছিল। অসম আৰক্ষীয়ে ৰাজ্যৰ গৃহ বিভাগৰ অধীনত কাম কৰে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ উলুবাৰীত অৱস্থিত। অসম আৰক্ষীৰ নিজা সংৰক্ষিত আৰক্ষী বাহিনী (বিশেষ সশস্ত্ৰ আৰু সশস্ত্ৰ আৰক্ষী বাহিনী) আছে। এই সংৰক্ষিত সশস্ত্ৰ আৰক্ষী বাহিনীক জৰুৰী সময়ত নিয়োজিত কৰা হয়। সাধাৰণতে সশস্ত্ৰ আৰক্ষী বাহিনীক উপ-মহা পৰিদৰ্শক ( ডি আই জি) বা ততোধিক উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ নিৰ্দেশত সক্ৰিয় কৰি তোলা হয়। সাধাৰণতে সশস্ত্ৰ আৰক্ষী বাহিনী সাধাৰণ লোকৰ সংস্পৰ্শলৈ নাহে। অৱশ্যে ভি আই পিৰ নিৰাপত্তাত, উগ্ৰবাদবিৰোধী অভিযান, নিৰ্বাচন প্ৰাকৃতিক দুৰ্যোগৰ আদিৰ কৰ্তব্যত নিয়োজিত কৰিলে কথা সুকীয়া হয়। একেদৰে প্ৰতিবাদ নিয়ন্ত্ৰণৰ কামত সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োজিত কৰা হব পাৰে। 

অসম আৰক্ষীৰ ব্লেক পেন্থাৰ নামৰ এটা উচ্চ প্ৰশিক্ষিত কমাণ্ডো বাহিনীও আছে। অত্যাধুনিক প্ৰযুক্তি আৰু অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ব্লেক পেন্থাৰক সন্ত্ৰাসবাদবিৰোধী অভিযান আৰু ভি ভি আই পি নিৰাপত্তাত নিয়োজিত কৰা হয়। 

অসম আৰক্ষীত নিযুক্তিঃ 

অসম আৰক্ষীয়ে ৭০৫ টা কনিষ্টবল (অ-সশস্ত্ৰ শাখা) আৰু ১,৪২৯টা কনিষ্টবল ( সশস্ত্ৰ শাখা) পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

এই পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স আদিৰ তথ্য় তলত পাবঃ 

পদৰ নাম 

কনিষ্টবল ( ইউ বি), কনিষ্টবল ( এ বি)। 

খালী পদৰ সংখ্যা

কনিষ্টবল ( ইউ বি)ৰ ৭০৫ টা আৰু কনিষ্টবল ( এ বি)-ৰ ১, ৪২৯টা। 

বয়সৰ সীমা

প্ৰাৰ্থীৰ বয়স  ১ জুলাই, ২০২১ত ১৮ ৰ পৰা ২৫ বছৰৰ ভিতৰত হব লাগিব। (অৰ্থাত্ প্ৰাৰ্থীৰ জন্ম ০১-০৭-২০০৩ত বা তাৰ পূৰ্বে আৰু ০১-০৭-১৯৯৬ৰ পাছত হব লাগিব)। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব।  

দৰমহা

১৪,০০০ টকাৰ পৰা ৪৫,৬০০ টকাৰ গ্ৰেড পে। 

চাকৰিৰ স্থান

অসম। 

অন্তিম তাৰিখ

 ০৯-০১-২০২২। 

আবেদন মাচুল 

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতা:

কনিষ্টবল ( অ-সশস্ত্ৰ শাখা)ঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা কাউন্সিলৰ পৰা দ্বাদশ শ্ৰেণী বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। 

কনিষ্টবল (সশস্ত্ৰ শাখা)ঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা হাইস্কুল শিক্ষান্ত বা দশম শ্ৰেণী উত্তীৰ্ণ। 

আবেদনৰ প্ৰক্ৰিয়া: আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে SLPRB Recruitment Portal-ৰ পৰা আবেদন জনাব পাৰিব।

.

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com