Begin typing your search above and press return to search.

অসম বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী

অসম বিশ্ববিদ্যালয়ে প্ৰকল্প সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

অসম বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Dec 2021 11:28 AM GMT

অসম বিশ্ববিদ্যালয় শিলচৰৰ বিষয়েঃ

শিলচৰস্থিত অসম বিশ্ববিদ্যালয় অসম (কেন্দ্ৰীয়) বিশ্ববিদ্যালয় আইন ১৯৮৯ৰ অধীনত ১৯৯৪ত প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয়খনে নিজৰে উত্কৰ্ষতাৰ কেন্দ্ৰত পৰিণত কৰিবলৈ প্ৰচেষ্টা চলাই আছে। অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদ শিলচৰৰ পৰা ২০ কিলোমাটিৰ দূৰৈৰ দাৰ্গাকোনাত অৱস্থিত। এই চৌহদ সুন্দৰ পাহাৰেৰে ঘেৰা অঞ্চলত অৱস্থিত। এই চৌহদে ৬০০ একৰো অধিক ভূমি আগুৰি আছে। অসম বিশ্ববিদ্যালয়ৰ ডিফো চৌহদ কাৰ্বি আংলঙত অৱস্থিত।

এই বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰাধিকাৰ অসমৰ ৫ খন জিলা ক্ৰমে কাচাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাওত আছে।


অসম বিশ্ববিদ্যালয় শিলচৰত নিযুক্তিঃ

অসম বিশ্ববিদ্যালয়ে প্ৰকল্প সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ



পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প সহযোগী।

পদ

নিৰ্দিষ্ট নহয়।

দৰমহা

মাহিলী ২৫ হেজাৰ টকাৰ পৰা ৩১ হেজাৰ টকা।

নিযুক্তিৰ স্থান

শিলচৰ, অসম।

অনলাইন সাক্ষাতকাৰৰ তাৰিখ

২০ ডিচেম্বৰ, ২০২১ৰ বিয়লি ৩ বজাত।

ৱেবছাইট

aus.ac.in



শিক্ষাগত অৰ্হতা :


স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা ৰসায়ন বিজ্ঞান / জৈৱ ৰসায়ন / ফাৰ্মাচিউটিকলে ৰসায়নৰ এম এছ চি হব লাগিব।



আবেদন প্ৰক্ৰিয়াঃ

প্ৰথমে অসম বিশ্ববিদ্যালয়ৰ ৱেবছাইট aus.ac.in চাব। তাৰ পাছতে এই ৱেবছাইটৰ কেৰিয়াৰ বা ৰিক্ৰুইটমেণ্ট অপচনত ক্লিক কৰিব। নিৰভুলকৈ আবেদন পত্ৰ পূৰণ কৰিব।

আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে অহা ১৭ ডিচেম্বৰৰ ভিতৰত chem.devashish@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।



আৰু পঢ়ক : আৰ্মী পাব্লিক স্কুল যোৰহাটত স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তি


Next Story
চাকৰি