Begin typing your search above and press return to search.

বেংক অৱ ইণ্ডিয়াত নিৰাপত্তা বিষয়া নিযুক্তি

বেংক অৱ ইণ্ডিয়াই নিৰাপত্তা বিষয়াৰ ২৫ টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ০৭ জানুৱাৰী

বেংক অৱ ইণ্ডিয়াত নিৰাপত্তা বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2021 11:52 AM GMT

বেংক অৱ ইণ্ডিয়াৰ বিষয়ে কিছু কথাঃ

বেংক অৱ ইণ্ডিয়া হৈছে এটা ৰাষ্ট্ৰীয়কৃত বেংক। ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ এই বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইৰ বান্দ্ৰা কুৰ্লাত অৱস্থিত। ১৯০৬-ত স্থাপিত এই বেংকক ১৯৬৯-ত ৰাষ্ট্ৰীয়কৃত কৰা হয়। বেংক অৱ ইণ্ডিয়া হৈছে ৱৰ্ল্ডৱাইড ইণ্টাৰবেংক ফিনান্সিয়েল টেলিকমিউনিকেচনছ সমাজ (SWIFT)-ৰ প্ৰতিষ্ঠাপক সদস্য।

২০২১ৰ ৩১ মাৰ্চলৈকে বেংক অৱ ইণ্ডিয়াৰ মুঠ ব্যৱসায় ১, ০৩,৭, ৫৪৯ কোটি টকা আছিল। এই বেংকৰ মুঠ ৫, ১০৮টা শাখা আৰু ৫,৫৫১টা এ টি এম আছে। ১৯০৬-ত মুম্বাইৰ একাংশ বিশিষ্ট ব্যৱসায়ীয়ে বেংক অৱ ইণ্ডিয়া স্থাপন কৰে। ১৯৬৯-ৰ ১৯ জুলাইলৈকে এই বেংক ব্যক্তিগত মালিকানাৰ বেংক আছিল। ১৯৬৯-ত আন ১৩ টা বেংকৰ লগতে বেংক অৱ ইণ্ডিয়াকো ৰাষ্ট্ৰীয়কৃত কৰা হয়।

আৰম্ভণিতে বেংক অৱ ইণ্ডিয়াৰ পেইড-আপ কেপিটেল ৫ নিযুত টকা আৰু ৫০ জন কৰ্মচাৰী আছিল। মাথোঁ কিছু বছৰৰ ভিতৰতে এই বেংকৰ শ্ৰীবৃদ্ধি ঘটে আৰু ৰাষ্ট্ৰীয়


বেংক অৱ ইণ্ডিয়াৰ নিযুক্তিৰ বিষয়েঃ

বেংক অৱ ইণ্ডিয়াই নিৰাপত্তা বিষয়াৰ ২৫ টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ আবেদন গ্ৰহণৰ শেষ তাৰিখ ০৭ জানুৱাৰী, ২০২২ ।




পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

নিৰাপত্তা বিষয়া।

খালী পদৰ সংখ্যা

২৫ টা।

বয়স

নূন্যতম ২৫ বছৰ আৰু অধিকতম ৪০ বছৰ। অৱশ্যে ও বি চি প্ৰাৰ্থীয়ে ৩ বছৰ, এছ চি-এছ টি/প্ৰাক্তন সৈনিক আৰু ১৯৮৪ৰ গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

দৰমহা

মাহিলী ৪৮, ৭০০ টকাৰ পৰা – ৬৯,৮১০ টকা।

নিযুক্তিৰ স্থান

মহাৰাষ্ট্ৰত।

অন্তিম তাৰিখ

৭ জানুৱাৰী, ২০২২। আবেদন মাচুল জমা দিয়াৰ শেষ তাৰিখ ০৭ জানুৱাৰী, ২০২২।

আবেদনৰ মাচুলঃ · এছ চি-এছ টি প্ৰাৰ্থীৰ ১৭৫ টকা। সাধাৰণ আৰু অন্যান্য শ্ৰেণীৰ প্ৰাৰ্থীৰ:৮৫০ টকা।

মাচুল আদায়ৰ পদ্ধতিঃ অনলাইন।


শিক্ষাগত অৰ্হতা :

ইচ্ছুক প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ অধীনত যিকোনো বিষয়ত স্নাতক হব লাগিব।

অভিজ্ঞতা :

প্ৰাৰ্থী সেনা/নৌ-সেনা/বায়ু সেনাৰ কমিছনড বিষয়াৰূপে ন্যূনতম ৫ বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

অথবা উপ-আৰক্ষী অধীক্ষক পৰ্যায়তকৈ তলৰ নোহোৱা বিষয়া পদত আৰক্ষীত কাৰ্যনিৰ্বাহৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

অথবা অৰ্ধ-সামৰিক বাহিনীত সহকাৰী কমাণ্ডেণ্টৰ সম-পৰ্যায়ৰ পদত ন্যূনতম ৫ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদন প্ৰক্ৰিয়া :

আবেদন কৰাৰ পদক্ষেপসমূহ : প্ৰথমে অফিচিয়েল ৱেবছাইট bankofindia.co.in চাওক আৰু

আপুনি আবেদন কৰিব লগা বেংক অৱ ইণ্ডিয়াৰ নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

নিৰাপত্তা বিষয়া নিযুক্তিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আবেদন পত্ৰ অহা ৭ জানুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰক।



আৰু চাব পাৰে : ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত প্ৰকল্প অভিযন্তাৰ পদ খালী


Next Story
চাকৰি