Begin typing your search above and press return to search.

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত প্ৰকল্প অভিযন্তাৰ পদ খালী

ইয়াৰ আবেদন গ্ৰহণৰ শেষ তাৰিখ ০৬ জানুৱাৰী, ২০২২। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত প্ৰকল্প অভিযন্তাৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2021 10:08 AM GMT

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ বিষয়েঃ

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ( বি ই এল) হৈছে ভাৰত চৰকাৰৰ মালিকীস্বতৰ এটা মহাকাশ আৰু প্ৰতিৰক্ষা ইলেক্ট্ৰনিক্স কোম্পানী। ভূ-ভাগত তথা মহাকাশত ব্যৱহাৰৰ বাবে এই কোম্পানীয়ে ইলেক্ট্ৰনিক্স সঁজুলি উত্পাদন কৰে। ভাৰত চৰকাৰে এই কোম্পানীক নৱৰত্নৰ মৰ্যাদা প্ৰদান কৰিছে। ১৯৫৪ৰ কৰ্ণাটকৰ বাংগালুৰুত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড প্ৰতিষ্ঠা কৰা হয়। ১৯৫৬-ত ই কেতবোৰ যোগাযোগ সঁজুলি উত্পাদন কৰে।১৯৬১-ৰ পৰা ই গুণগতমানৰ সঁজুলি উত্পাদন কৰিবলৈ ধৰে। ১৯৬২-ত ইয়ে জাৰ্মেনিয়াম ছেমি-কনডাক্টৰ উত্পাদন কৰে। ১৯৬৪-ত ই ছোভিয়েট ৰাছিয়াৰ সহযোগত অল ইণ্ডিয়া ৰেডিঅৰ বাবে ৰেডিঅ ট্ৰান্সমিটাৰ উত্পাদন কৰে।


১৯৬৪-ত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে সেনাৰ বাবে ৰাডাৰ উত্পাদন কেন্দ্ৰ স্থাপন কৰে। পাছত ১৯৬৭-ত ইয়ে ট্ৰান্সমিটিং টিউব, ছিলিকন ডিভাইচ আৰু সংহত চাৰ্কিট উত্পদন কৰে। ১৯৬৮-ত ইয়াৰ পি চি বি উত্পাদন ক্ষেত্ৰ স্থাপন কৰা হয়। ১৯৭০-ত ইয়ে টেলিভিচনৰ ক'লা-বগা পিকচাৰ টিউব, এক্সৰে টিউব আৰু মাইক্ৰোৱেভ উত্পাদন কৰিবলৈ লয়। ১৯৭১-ত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে সংহত চাৰ্কিট আৰু হাইব্ৰিড মাইক্ৰো চাৰ্কিট উত্পাদন কৰিবলৈ ধৰে। ১৯৭২-ত ইয়ে দূৰদৰ্শনৰ বাবে টি ভি ট্ৰান্সমিটাৰ উত্পাদন কৰিবলৈ ধৰে। ১৯৭৩ত ইয়ে নৌ-সেনাৰ বাবে ফ্ৰিগেট ৰাডাৰ উত্পাদন কৰিবলৈ লয়।

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ নিযুক্তিৰ বিষয়েঃ

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে বাংগালুৰু, গুৰগাঁও (হাৰিয়ানা), কোচি (কেৰালা), গান্ধীনগৰ(গুজৰাট), বিশাখাপট্টনম, কলকাতা, চেন্নাই, মুম্বাইত ১০টা প্ৰকল্প অভিযন্তাৰ পদত নিযুক্তি দিবলৈ লৈছে। ইয়াৰ আবেদন গ্ৰহণৰ শেষ তাৰিখ ০৬ জানুৱাৰী, ২০২২। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ




আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:

পদৰ নাম

প্ৰকল্প অভিযন্তা

খালী পদৰ সংখ্যা

১০টা।

দৰমহা

মাহিলী ৪০ হেজাৰৰ পৰা ৫৫ হেজাৰ টকা।

চাকৰিৰ স্থান

বাংগালুৰু, গুৰগাঁও (হাৰিয়ানা), কোচি (কেৰালা), গান্ধীনগৰ(গুজৰাট), বিশাখাপট্টনম, কলকাতা, চেন্নাই, মুম্বাই

আবেদন মাচুল

সাধাৰণ শ্ৰেণী/ ও বি চি/ আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী: ৫০০ টকা। এছ চি, এছ টি, বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ নাই।

মাচুল আদায়ৰ পদ্ধতি: অনলাইন।

বাছনি প্ৰক্ৰিয়া

মেধাভিত্তিক।

তাৰিখসমূহ

অফলাইন আবেদন দাখিল আৰম্ভণিৰ তাৰিখঃ২২-১২-২০২১। অফলাইন আবেদন গ্ৰহণৰ শেষ তাৰিখ: ০৬ জানুৱাৰী, ২০২২।

আবেদনৰ নিয়ম

অফলাইন।

শিক্ষাগত অৰ্হতাঃ

প্ৰকল্প অভিযন্তা –১ (D&E-CS)

ইলেক্ট্ৰনিক্স/ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন/ কমিউনিকেচন/ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন / টেলিকমিউনিকেচন/ মেকানিকেলৰ বি এছি চি/বি ই/বি টেক।

প্ৰকল্প অভিযন্তা –১ ( এছ এছ আই)

ইলেক্ট্ৰনিক্স/ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন/ কমিউনিকেচন/ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন / টেলিকমিউনিকেচন/ মেকানিকেলৰ বি এছি চি/বি ই/বি টেক।

প্ৰকল্প অভিযন্তা-১ ( এছ ডি এছ চি)

কম্পিউটাৰ ছায়েন্স/ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিং/ কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ এছি চি/বি ই/বি টেক।

খালী পদৰ সংখ্যাঃ

প্ৰকল্প অভিযন্তা –১ (D&E-CS)


৫টা।

প্ৰকল্প অভিযন্তা –১ ( এছ এছ আই)

৩ টা।

প্ৰকল্প অভিযন্তা-১ ( এছ ডি এছ চি)

২ টা।


অভিজ্ঞাতাঃ দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


আবেদন কৰাৰ পদক্ষেপসমূহ :

প্ৰথমে অফিচিয়েল ৱেবছাইট bel-india.in আৰু আপুনি আবেদন কৰিব লগা বি ই এলৰ নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

প্ৰকল্প অভিযন্তাৰ চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়)

আবেদন পত্ৰ ৬ জানুৱাৰীৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰক।


আৰু চাব পাৰেঃ অসম কৃষি বিশ্ববিদ্যালয়ত ক্ষেত্ৰ সমন্বয়ক, কাৰ্যালয় সহায়কৰ পদ খালী

Next Story
চাকৰি