Begin typing your search above and press return to search.

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পৰিসংখ্যাবিদ নিযুক্তি

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পৰিসংখ্যাবিদ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2022 10:30 AM GMT

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বিষয়েঃ

গুৱাহাটীৰ ডা- ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা মানৱদৰদী চিকিত্সক ডাঃ ভুৱনেশ্বৰ বৰুৱা ( ৪ ছেপ্টেম্বৰ, ১৮৯৩-২৫ ছেপ্টেম্বৰ, ১৯৫৬)-ৰ নামত প্ৰতিষ্ঠা কৰা হৈছে।

১৯৫৮-ত গুৱাহাটীত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ডা° ভুৱনেশ্বৰ বৰুৱাৰ স্মৃতিত এখন কৰ্কট ৰোগ প্ৰতিষ্ঠান স্থাপনৰ সিদ্ধান্ত গৃহীত হয় ৷ এই চিকিৎসালয় স্বেচ্ছাসেৱী ন্যাস "ডা° বি বৰুৱা কেন্সাৰ ছ'চাইটী ট্ৰাষ্ট"-এ প্ৰতিষ্ঠা কৰে ৷ডা° বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে NCDIR-ICMR পৃষ্ঠপোষকতাপ্ৰাপ্ত টাস্ক ফ'ৰ্চ প্ৰকল্প " Hospital based cancer"-ৰ বাবে ঠিকাভিত্তিক পৰিসংখ্যাবিদ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে ৷

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে


পদৰ বিৱৰণ

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

পৰিসংখ্যাবিদ ( Statistician)।

খালী পদ

১ টা।

বয়স

৩০ বছৰতকৈ কম।

চাকৰিৰ স্থান

গুৱাহাটী, অসম।

অন্তিম তাৰিখ

১০-০১-২০২২

দৰমহা

প্ৰতি মাহে ৩২ হেজাৰ টকা। (স্থায়ী)।

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।


শিক্ষাগত অৰ্হতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞানৰ এম এছ চি হব লাগিব।



বাছনি প্ৰক্ৰিয়া : অহা ১০ জানুৱাৰীৰ পুৱা ৯ বজাৰ পৰা Conference Hall, Dr. Bhubaneswar Borooah Cancer Institute (BBCI), Gopinath Nagar, AK Azad Road, Guwahati-781016-ত সাক্ষাতকাৰ অনুষ্ঠিত হব।

সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শৈক্ষিক অৰ্হতা, বয়স আদি প্ৰমাণপত্ৰৰ মূল কপি আনিব লাগিব।


আৰু চাব পাৰে: লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদ খালী

Next Story
চাকৰি