Begin typing your search above and press return to search.

গেছ ক্ৰেকাৰ ( বি পি চি এল)-ত ১২১ টা এপ্ৰেণ্টিচৰ পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

গেছ ক্ৰেকাৰ ( বি পি চি এল)-ত ১২১ টা এপ্ৰেণ্টিচৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2021 8:54 AM GMT

বি চি পি এল( গেছ ক্ৰেকাৰ)-ৰ বিষয়েঃ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড হৈছে অসম চুক্তি অনুসৰি স্থাপিত এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ই ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত। অসম চু্ক্তিত ইয়াৰ নাম গেছ ক্ৰেকাৰ বুলি উল্লেখ আছে। ২০০৭ৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে বি চি পি এল উদ্ধোধন কৰে। ২০১৬ৰ ফেব্ৰুৱাৰীত উত্পাদনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক মুকলি কৰে। বি চি পি এলৰ ৭০ শতাংশ শ্বেয়াৰ গেইলৰ হাতত আছে। বাকী শ্বেয়াৰ অসম চৰকাৰ, নুমলীগড় শোধনাগাৰ আৰু অইল ইণ্ডিয়াৰ।

বি চি পি এলে এপ্ৰেণ্টিচৰ ১২১ টা খালী পদত নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে।



আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

স্নাতক এপ্ৰেণ্টিচ, খালী পদৰ সংখ্যাঃ ৮৪টা। ইয়াৰে ২০ টা মেকানিকেলৰ, ২০ টা কেমিকেলৰ, ১২ টা বৈদ্যুতিক, ১৮ টা ইনষ্ট্ৰুমেণ্টেচন, ৩টা টেলিকম, ৩টা কম্পিউটাৰ ছায়েন্স, ৫টা চিৱিলৰ।


পদৰ নাম

টেকনিচিয়ান এপ্ৰেণ্টিচ (ডিপ্লোমাধাৰী), খালী পদৰ সংখ্যাঃ ৩৭টা। ইয়াৰে ৯টা মেকানিকেলৰ, ১০ টা কেমিকেলৰ, ৮টা বৈদ্যুতিক, ১০ টা মডাৰ্ণ অফিচ মেনেজমেণ্টৰ।

বয়সৰ সীমা

উল্লেখ নাই।

দৰমহা

স্নাতক এপ্ৰেণ্টচৰ ক্ষেত্ৰত ৯ হেজাৰ টকা আৰু টেকনিচিয়ান এপ্ৰেণ্টিচ (ডিপ্লোমাধাৰী)ৰ ক্ষেত্ৰত ৮ হেজাৰ টকা।

চাকৰিৰ অৱস্থান

অসম।

অন্তিম তাৰিখ

২০-১২-২০২১ৰ নিশা ১১-৫৯ বজা।

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ bcplapprentices@bcplinida.co.in।

শিক্ষাগত অৰ্হতা:

স্নাতক এপ্ৰেণ্টিচৰ ক্ষেত্ৰত প্ৰাৰ্থী আইনগত বিশ্ববিদ্যালয়ৰ পৰা সংশ্লিষ্ট শাখাৰ অভিযান্ত্ৰিক বা প্ৰযুক্তিবিদ্যাত ডিগ্ৰীধাৰী হব লাগিব। প্ৰাৰ্থীৰ NATS portal-ত পঞ্জীয়ন থাকিবই লাগিব।

টেকনিচিয়ান বা ডিপ্লোমাধাৰী এপ্ৰেণ্টিচৰ ক্ষেত্ৰত প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট শাখাত ডিপ্লোমাধাৰী হব লাগিব। প্ৰাৰ্থীৰ NATS portal-ত পঞ্জীয়ন থাকিবই লাগিব।

আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীসকলক ২০-১২-২০২১ৰ নিশা ১১-৫৯ বজাৰ ভিতৰত পঞ্জীয়ন কৰাবলৈ অনুৰোধ জনেৱা হল।


সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।



আৰু পঢ়ক:NALCO নিযুক্তি ২০২১ : হোমিওপেথি চিকিৎসকৰ পদখালী


Next Story
চাকৰি