Begin typing your search above and press return to search.

অসমৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত এম টি এ নিযুক্তি

অসমৰ ভট্টদেৱ বিশ্ববিদ্যালয়ে মাল্টি টাস্কিং সহায়ক (এম টি এ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে সবিশেষ তথ্য তলত পাবঃ

অসমৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত এম টি এ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jan 2022 12:55 PM GMT

অসমৰ ভট্টদেৱ বিশ্ববিদ্যালয় বিষয়েঃ

ভট্টদেৱ বিশ্ববিদ্যালয় বজালী জিলাৰ পাঠশালাত অৱস্থিত ৷ ২০১৭-ত ভট্টদেৱ বিশ্ববিদ্যালয় আইনযোগে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় ৷ উক্ত আইনত অসমৰ ৰাজ্যপালে ২০১৭-ৰ ৭ ছেপ্টেম্বৰত স্বাক্ষৰ কৰে ৷ বজালী কলেজক উন্নত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে ৷ বিশ্ববিদ্যালয়খনৰ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰূপে খ্যাত শ্ৰী শ্ৰী ভট্টদেৱৰ নামত ৰখা হৈছে। ভট্টদেৱে এক শৰণ নাম ধৰ্মৰ প্ৰসাৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ তেওঁ অসমীয়া গদ্যৰ জনক ৷

বিশ্ববিদ্যালয় অনুদান আয়োগে ভট্টদেৱ বিশ্ববিদ্যালয়ক স্বীকৃতি প্ৰদান কৰিছে ৷ ইউ জি চি আইন, ১৯৫৬ৰ অধীনত বিশ্ববিদ্যালয়খনক ডিগ্ৰী প্ৰদান কৰিব পৰা কৰি তোলা হৈছে ৷

অসমৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত নিযুক্তি ২০২২ঃ

অসমৰ ভট্টদেৱ বিশ্ববিদ্যালয়ে মাল্টি টাস্কিং সহায়ক (এম টি এ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে সবিশেষ তথ্য তলত পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে :


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

মাল্টি টাস্কিং সহায়ক ( এম টি এ)।

খালী পদ

০১টা।

বয়সৰ সীমা

২৫ বছৰ।

দৰমহা

মাহিলী ২৫ হেজাৰ টকা।

চাকৰিৰ

স্থান

বজালীৰ পাঠশালা।

অন্তিম তাৰিখ

২০ জানুৱাৰী ২০২২

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।


শিক্ষাগত অৰ্হতা:

শিক্ষাগত অৰ্হতাঃ

প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা চিৱিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী।

প্ৰাৰ্থী পাঠশালা নগৰৰ ৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ হব লাগিব।


প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰ। প্ৰাৰ্থীয়ে অহা ২০ জানুৱাৰী, ২০২২ৰ পুৱা ১১ বজাত সকলো শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰ লৈ এই বিশ্ববিদ্য়ালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ত উপস্থিত হব লাগিব।


আৰু চাব পাৰেঃ আই আই এম শ্বিলঙত বিভিন্ন পৰ্যায়ৰ অধ্যাপকৰ পদ খালী

Next Story
চাকৰি