ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ মুখ্য অভিযন্তা নিযুক্তি

ব্ৰহ্মপুত্ৰ ব’ৰ্ডে মুখ্য অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ মুখ্য অভিযন্তা নিযুক্তি

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৬৫ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ মাহিলী এক লাখ ৩১ হেজাৰ টকাৰ পৰা ২ লাখ ১৬ হেজাৰ ৬০০ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৬-২০২১।

অভিজ্ঞতাঃ জলসম্পদৰ বা ব্যৱস্থাপনা বা সাধাৰণ প্ৰশাসনৰ কামত স্পেচিয়েলাইজেচনসহ চিভিল ইঞ্জিনীয়াৰিঙৰ কামত ১২ বছৰৰ অভিজ্ঞতা। এই কৰ্ম-অভিজ্ঞতা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয়শাসিত প্ৰশাসন বা স্বতন্ত্ৰ সংস্থাত বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰা হব লাগিব। নিয়মীয়া চাকৰিত লেভেল-১৩ত (দৰমহাঃ ১,২৩,১০০ টকাৰ পৰা ২,১৫,৯০০টকা) দুবছৰ আৰু লেভেল-১২ (দৰমহাঃ ৭৮,৮০০ টকাৰ পৰা ২,০৯,৮০০টকা)ত নিয়মীয়া চাকৰিত ছবছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

আবেদনৰ নিয়মঃ আবেদন A.K. Kaushik, Under Secretary, Department of Water Resources, RD & GR, 6th Floor, Room No.625, Shram Shakti Bhawan, Rafi Marg, New Delhi — 110001 লৈ প্ৰেৰণ কৰিব লাগিব। চৰকাৰী আৰু ৰাজহুৱা খণ্ডত কৰ্মৰত প্ৰাৰ্থীয়ে প্ৰকৃত মাধ্যমেৰে আবেদন জনাব লাগিব।

সবিশেষ জানিবলৈ http://mowr.gov.in চাওক। এই ৱেবছাইটৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব।

প্ৰাৰ্থী নিযুক্তি প্ৰক্ৰিয়াঃ ডেপুটেচন ভিত্তিত।

চাকৰিৰ আৰু বাৰ্তা চাব পাৰেঃ NERFMTTI-ত গাণনিক নিযুক্তিৰ বাবে আবেদন আহ্বান 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com