Begin typing your search above and press return to search.

বি এছ এন এলত স্নাতক আৰু ডিপ্লোমা এপ্ৰেণ্টিচ নিযুক্তি

বি এছ এন এলে স্নাতক আৰু ডিপ্লোমা এপ্ৰেণ্টিচ নিযুক্তি দিবলৈ লৈছে। প্ৰাৰ্থীসকলে পদৰ অৰ্হতা, দৰমহা স্কেল তলত চাব পাৰে

বি এছ এন এলত স্নাতক আৰু ডিপ্লোমা এপ্ৰেণ্টিচ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Dec 2021 7:38 AM GMT

বি এছ এন এলৰ বিষয়েঃ

ভাৰত সঞ্চাৰ নিগম লিমিটেড ( বি এছ এন এল) হৈছে চৰকাৰী মালিকীস্বত্বৰ টেলিকমিউনিকেচন সেৱা যোগানধাৰী প্ৰতিষ্ঠান। বি এছ এন এলৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ভাৰত চৰকাৰে ২০০১-ৰ ১ অক্টোবৰত এই প্ৰতিষ্ঠান গঠন কৰে। ভাৰতীয় য়োগোযোগ বিত্তীয় সেৱাৰ এজন বিষয়াই বি এছ এন এলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰে।

অথবা এই পদত ভাৰতীয় টেলিকমিউনিকেচন সেৱাৰ এজন বিষয়াই কাৰ্যনিৰ্বাহ কৰে। সমগ্ৰ দেশত বি এছ এন এলে মোবাইল ফোন আৰু ইণ্টাৰনেট সেৱা আগবঢ়ায়। ইয়াৰ ভাৰতৰ টেলিকমিউনিকেচনৰ বজাৰত ৫০ শতাংশ শ্বেয়াৰ আছে।


বি এছ এন এলৰ নিযুক্তি ২০২২ঃ

বি এছ এন এলে স্নাতক আৰু ডিপ্লোমা এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত চাব পাৰে :-


পদৰ নাম

স্নাতক- ডিপ্লোমা এপ্ৰেণ্টিচ।

খালী পদ

১৬ টা।

বয়স

২০২১ৰ ১ ডিচেম্বৰত সৰ্বোচ্চ ২৫ বছৰ।

দৰমহা

মাহিলী ৮ হেজাৰ টকা।

অন্তিম তাৰিখ

১০ জানুৱাৰী, ২০২২।

নিযুক্তিৰ স্থান

হিমাচল প্ৰদেশৰ হামিৰপুৰ, মাণ্ডি, শিমলা, ছোলান, ধৰমশালা

আবেদনৰ মাচুল

নাই। ।

শিক্ষাগত অৰ্হতা

স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা স্নাতক বা ডিপ্লোমাধাৰী হব লাগিব।


আবেদনৰ নিয়মঃ

সংশ্লিষ্ট নথিপত্ৰৰ ফটোকপিসহ আবেদন পত্ৰ অহা ১০ জানুৱাৰীৰ ভিতৰত বি এছ এন এলৰ ৱেৱছাইটৰ পৰা কৰিব পাৰে।


আৰু চাব পাৰে : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত জে আৰ এফ পদ খালী



Next Story
চাকৰি