Begin typing your search above and press return to search.

চি-ডেকত প্ৰকল্প অভিযন্তাৰ ১৩ টা পদ খালী

চি-ডেকে বিভিন্ন পৰ্যায়ৰ প্ৰকল্প অভিযন্তা নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

চি-ডেকত  প্ৰকল্প অভিযন্তাৰ ১৩ টা পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2021 12:32 PM GMT

চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং( চি ডি এ চি)-ৰ বিষয়েঃ

চি-ডিএচি হৈছে কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ এটা আগশাৰীৰ গৱেষণা আৰু বিকাশ সংস্থা ( আৰ এণ্ড ডি)। এই সংস্থাৰ উদ্দেশ্য হৈছে আই টি, ইলেক্ট্ৰনিকছ আৰু সংলগ্ন খণ্ডত গৱেষণা কৰা। বিভিন্ন সময়ত চি-ডেকৰ বিভিন্ন ক্ষেত্ৰ ওলাইছে।


চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ডেক)-ত পদ খালীঃ

চি-ডেকে বিভিন্ন পৰ্যায়ৰ প্ৰকল্প অভিযন্তা নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ নাম

প্ৰকল্প অভিযন্তা। (বিভিন্ন পৰ্যায়ৰ)। তলত পদসমূহৰ ক্ৰমাংক ১-ৰ পৰা উল্লেখ কৰা হৈছে।

খালী পদ

১৩টা।

বয়স

১৯-০১-২০২২ত সৰ্বোচ্চ ৩৫ বছৰ।

দৰমহা

বছৰি ৩, ৭৬, ১৬৮ টকাৰ পৰা ৪, ২৪, ৬৮৮টকা।

চাকৰিৰ স্থান

তিৰুৱনন্তপুৰম (কেৰালা), চেন্নাই (তামিলনাডু), শিলচৰ (অসম), জম্মু, দিল্লী- নতুন দিল্লী।

অন্তিম তাৰিখ

৩০ ডিচেম্বৰ, ২০২১

ৱেবছাইট

cdac.in, সাক্ষাতকাৰৰ তাৰিখঃ ২২ ডিচেম্বৰ, ২০২২লৈকে।

শিক্ষাগত অৰ্হতা :

প্ৰকল্প অভিযন্তাঃ১

শিক্ষাগত অৰ্হতাঃ বি ই / বি টেক, এম ই / এম টেক, এম চি এ।

প্ৰকল্প অভিযন্তাঃ ২ঃ পাৱাৰ ইলেক্ট্ৰনিক্সত এম ই / এম টেক।

প্ৰকল্প অভিযন্তা-৩

শিক্ষাগত অৰ্হতাঃ বি ই / বি টেক, এম ই / এম টেক, এম চি এ।

প্ৰকল্প অভিযন্তা-৪

শিক্ষাগত অৰ্হতাঃ বি ই / বি টেক, এম ই / এম টেক, এম চি এ।

প্ৰকল্প অভিযন্তা-৫

শিক্ষাগত অৰ্হতাঃ BE/ B.Tech/ MCA

প্ৰকল্প অভিযন্তা-৬

শিক্ষাগত অৰ্হতাঃ বি ই/ বি টেক, এম ই /এম টেক, এম চি এ।


অভিজ্ঞতাঃ প্ৰকল্প অভিযন্তা ১, ৩, ৪ আৰু ৬-ৰ ক্ষেত্ৰত শিক্ষা সমাপ্তিৰ পাছত ২ বছৰৰ পৰা ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

প্ৰকল্প অভিযন্তা ২-ৰ ক্ষেত্ৰত ৩-৬ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰকল্প অভিযন্তা-৫ ৰ ক্ষেত্ৰত ৩-ৰ পৰা ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

প্ৰকল্প অভিযন্তা-৭ ৰক্ষেত্ৰত ন্যূনতম ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।



আবেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে আেবদন জনোৱাৰ পূৰ্বে অফিচিয়েল ৱেবছাইট cdac.in-চাব।

তাৰ পাছতে CDAC Recruitment or Careers অপচনত আপুনি আবেদন জনাবলৈ লোৱা পদটো চাব। t

সম্পূৰ্ণৰূপে স্পষ্টকৈ নিযুক্তি নিয়মাৱলী পঢ়িব।

কোনো ধৰণৰ ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰিব।

সংশ্লিষ্ট তাৰিখত সাক্ষাতকাৰত উপস্থিত থাকিব।


আৰু চাব পাৰে :NDDB নিযুক্তি ২০২১ - প্ৰশিক্ষাৰ্থীৰ পদ খালী




Next Story
চাকৰি