Begin typing your search above and press return to search.

ভাৰতীয় ষ্টেট বেংকত নিযুক্তি ২০২১ - মুখ্য তথ্য সুৰক্ষা বিষয়াৰ পদ খালী

ভাৰতীয় ষ্টেট বেংকত মুখ্য তথ্য সুৰক্ষা বিষয়াৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন পত্ৰ বিচৰা হৈছে

ভাৰতীয় ষ্টেট বেংকত নিযুক্তি ২০২১ - মুখ্য তথ্য সুৰক্ষা বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Dec 2021 11:36 AM GMT

ভাৰতীয় ষ্টেট বেংকৰ বিষয়েঃ

ভাৰতীয় ষ্টেট বেংক হৈছে এটা ফৰ্চুন-৫০০ কোম্পানী । ই হৈছে দেশৰ বহুজাতিক, ৰাজহুৱা খণ্ডৰ বেংকিং আৰু বিত্তীয় সেৱাৰ আইনগত প্ৰতিষ্ঠান। ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ইয়াৰ এক দুশ বছৰ পুৰণি ঐতিহ্য আছে। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি ভাৰতীয় ষ্টেট বেংক আস্থাৰ পাত্ৰ হৈ আহিছে। ভাৰতীয় ষ্টেট বেংকৰ ৪৫ কোটিৰো অদিক গ্ৰাহক আছে।

ইয়াৰ শাখাৰ সংখ্যা ২২ হেজাৰৰো অধিক। ইয়াৰ ৬২, ৬১৭ টা এ টি এম- এ ডি এম আছে। ষ্টেট বেংক গ্ৰাহককেন্দ্ৰিক, উদ্ভাৱনত গুৰুত্ব আৰোপ কৰা সেৱা, স্বচ্ছাতা, নীতি, সৌজ্যনতা আৰু বহনক্ষমতা মানি চলা বেংকিং প্ৰতিষ্ঠান।

এছ বি আইৰ ৩১ খন দেশত ২২৯ টা কাৰ্য়ালয় আছে।

ভাৰতীয় ষ্টেট বেংকত পদ খালী :

ভাৰতীয় ষ্টেট বেংকত শেহতীয়া ভাৱে মুখ্য তথ্য সুৰক্ষা বিষয়াৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

মুখ্য তথ্য সুৰক্ষা বিষয়া

খালী পদ

০১

বয়স

অধিকতম ৫৭বছৰ

দৰমহা

এছ বি আইৰ নিয়মাৱলী অনুসৰি

অৱস্থান

ভাৰত

অন্তিম তাৰিখ

০৮/০১/২০২২

আৱেদন মাছুল

৭৫০/- টকা (ঘূৰাই দিয়া নহয়), জেনেৰেল, ই দাব্লিউ এছ আৰু অ' বি চি প্ৰাৰ্থী সকলৰ বাবে, আৰু এছ চি/ এছ টি/ প্ৰতিবন্ধী সকলৰ বাবে নিল

পদৰ ধৰণ

স্থায়ী

শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

সাধাৰণ অৰ্হতা :

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাসংগিক ক্ষেত্ৰ যেনে কম্পিউটাৰ বিজ্ঞান, আই টি, ইলেকট্ৰনিক্স আৰু যোগাযোগ বা চাইবাৰ চিকিউৰিটি বা এম চি এ বা কোনো প্ৰাসংগিক বিষয়ত অভিযান্ত্ৰিক গ্ৰেজুৱেট/ পোষ্ট গ্ৰেজুৱেট।

পেছাদাৰী অৰ্হতা (প্ৰয়োজনীয়) :

ইনফৰ্মেশ্যন চিকিউৰিটি প্ৰফেচনেলৰ প্ৰমাণপত্ৰ (CISSP)/ ইনফৰ্মেশ্যন চিকিউৰিটি মেনেজাৰ (CISM)/ চিফ ইনফৰ্মেশ্যন চিকিউৰিটি বিষয়া (CCISO)/ ইনফৰ্মেশ্যন চিষ্টেম অডিতৰ প্ৰমাণপত্ৰ (CISA)

অভিজ্ঞতা :

বিত্তীয় কাৰ্যকলাপ চোৱাচিতাৰ ১৫বছৰীয়া অভিজ্ঞতা, সম্ভৱতঃ কোনো বেংক, বৃহৎ কোম্পানী/ পি এছ ইউ/ এফ আই/ বিত্তীয় সেৱা অনুষ্ঠান, আদিত বিত্তীয় তথ্য সংৰক্ষকৰ পদত। যাৰ ১০বছৰ বেংক/ এফ আইৰ তথ্য সংৰক্ষণৰ মূল ডোমেইন ক্ষেত্ৰ অভিজ্ঞতা আৰু ০৫বছৰ জেষ্ঠ ব্যৱস্থাপনাৰ স্তৰত।

আৱেদন প্ৰক্ৰিয়া :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থিয়ে এছ বি আইৰ ৱেবছাইটত উপলব্ধ লিংক https://bank.sbi/web/careers বা https://www.sbi.co.in/web/careers যোগে নিজৰ আৱেদন পত্ৰ ১৯/১২/২০২১ৰ পৰা ০৮/০১/২০২১ৰ ভিতৰত দাখিল কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

সংক্ষিপ্ত তালিকা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ বাছনি কৰা হ'ব।


আৰু পঢ়ক : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২১ - পৰ্টফলিঅ' মেনেজাৰৰ পদখালী


Next Story
চাকৰি