Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২১ - পৰ্টফলিঅ' মেনেজাৰৰ পদখালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে পৰ্টফলিঅ' মেনেজাৰৰ খালী পদৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২১ - পৰ্টফলিঅ মেনেজাৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Dec 2021 10:32 AM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল ১৯৯৪চনত। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পদ খালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে পৰ্টফলিঅ' মেনেজাৰৰ খালী পদৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:


পদৰ নাম

পৰ্টফলিঅ' মেনেজাৰ

খালী পদ

০১

বয়স

উল্লেখিত নাই

দৰমহা

৭০,০০০/- টকা প্ৰতি মাহে

অন্তিম তাৰিখ

৩১ ডিচেম্বৰ ২০২১

চাকৰিৰ অৱস্থান

গুৱাহাটী – অসম

আৱেদন প্ৰক্ৰিয়া

অনলাইন

ইমেইল

bionest@iitgtidf.com

ৱেবছাইট

iitg.ac.in

পদৰ ধৰণ

অস্থায়ী


শিক্ষাগত অৰ্হতা আৰু অন্যান্য অৰ্হতা :

অভিযান্ত্ৰিক ক্ষেত্ৰত বি. টেক, সম্ভৱতঃ কোনো ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ পৰা।

উদ্যোগিক বিভাগত ষ্টাৰ্ত- আপ/ MSMEs/ SMEs ৰ ৰণনীতি আৰু ব্যৱস্থাপনাৰ ০৬বছৰীয়া অভিজ্ঞতা।

ষ্টাৰ্ত- আপ প্ৰতিস্থাপন আৰু কাৰ্যকৰী/ চৰকাৰী পুঁজি উত্থাপিত, কোনো সামগ্ৰিক বাণিজ্যিক কৰাৰ অভিজ্ঞতা থকা প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব।

আৱেদন প্ৰক্ৰিয়া :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ইমেইল যোগে নিজৰ বায়ডাটা, শিক্ষাগত প্ৰমাণপত্ৰ, অভিজ্ঞতা মানপত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় নথি পত্ৰ সহ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : গৱেষণা আৰু উন্নয়ন খণ্ড, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী - ৭৮১০৩৯, অসম


আৰু পঢ়ক : অইল ইণ্ডিয়া লিমিটেড, ভাৰতত নিযুক্তি ২০২২ - ৰিটেইনাৰ চিকিৎসকৰ পদ খালী


Next Story
চাকৰি