Begin typing your search above and press return to search.

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত সহকাৰী উপ-পৰিদৰ্শক নিযুক্তি

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে সহকাৰী উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত সহকাৰী উপ-পৰিদৰ্শক  নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2021 7:25 AM GMT

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী ( চি আই এছ এফ)-ৰ বিষয়েঃ

১৯৮৩ৰ ১৫ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী ( চি আই এছ এফ) প্ৰতিষ্ঠা কৰা হয়। এই বাহিনী হৈছে এটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী। ১৯৬৯ৰ সংসদে এখন আইনৰ জৰিয়তে এই বাহিনী প্ৰতিষ্ঠা কৰে। প্ৰথম অৱস্থাত ইয়াৰ কৰ্মবলৰ সংখ্যা ২,৮০০ আছিল। বৰ্তমানে ইয়াৰ বিষয়া-জোৱানৰ সংখ্যা ১, ৪৮, ৩৭১জন।

২০১৭ৰ এপ্ৰিলত চি আই এছ এফৰ বিষয়া-জোৱানৰ অনুমোদিত সংখ্যা কেন্দ্ৰীয় চৰকাৰে ১ লাখ ৪৫ হেজাৰৰ পৰা ১ লাখ ৮০ হেজাৰলৈ বৃদ্ধি কৰে। চি আই এছ এফে স্পৰ্শকাতৰ চৰকাৰী গৃহ, দিল্লী মেট্ৰো ৰেল, বিমানকোঠ আদিৰ নিৰাপত্তা দিয়ে। চি আই এছ এফৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ইয়াক কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰে। চি আই এছ এফে সমগ্ৰ ভাৰতত ৩০০ ঔদ্যোগিক গোট, চৰকাৰী আন্তঃগাঁথনি প্ৰকল্প আৰু অন্যান্য ক্ষেত্ৰৰ নিৰাপত্তা দিয়ে।

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত পদখালীঃ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে সহকাৰী উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

পদৰ নাম

সহকাৰী উপ-পৰিদৰ্শক।

খালী পদ

৬৪৭ টা।

নিযুক্তিৰ স্থান

গেংটক, ছিকিম।

দৰমহা

নিয়ম অনুসৰি।

বয়সৰ সীমা

০১-০৮-২০২১-ত সৰ্বোচ্চ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

৫ ফেব্ৰুৱাৰী, ২০২২।


শিক্ষাগত :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী।

আবেদন প্ৰক্ৰিয়া :

সংশ্লিষ্ট নথি-পত্ৰৰ প্ৰতিলিপিসহ আবেদন চি আই এছ এফৰ সংশ্লিষ্ট মণ্ডলৰ DIsG/ ARC লৈ প্ৰেৰণ কৰিব পাৰে।



আৰু পঢ়ক : ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় ( ক্ষেত্ৰ পৰিচালনা শাখা), গেংটকত পদ খালী


Next Story
চাকৰি