Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় ( ক্ষেত্ৰ পৰিচালনা শাখা), গেংটকত পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় ( ক্ষেত্ৰ পৰিচালনা শাখা), গেংটকত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Dec 2021 1:01 PM GMT


পৰিসংখ্যা আৰু কৰ্মসূচী মন্ত্ৰালয়ৰ বিষয়েঃ

কেন্দ্ৰীয় পৰিসংখ্যা আৰু কৰ্মসূচী মন্ত্ৰীলয় হৈছে ভাৰত চৰকাৰৰ পৰিসংখ্যাৰ সৈতে জড়িত দিশৰ মান নিৰ্ণয়ৰ কাম কৰা মন্ত্ৰালয়। এই মন্ত্ৰালায়ে কৰা জৰীপৰ কামৰ ক্ষেত্ৰত বৈজ্ঞানিক নমুনাৰ ওপৰত নিৰ্ভৰ কৰা হয়। এই মন্ত্ৰালয় ১৯৯৯ৰ ১৫ অক্টোবৰত গঠন কৰা হয়। পৰিসংখ্যা বিভাগ আৰু কৰ্মসূচী ৰূপায়ন বিভাগক চামিল কৰি এই মন্ত্ৰালয় গঠন কৰা হয়।

এই মন্ত্ৰালয়ৰ দুটা শাখা আছে। ইয়াৰে এটা হৈছে পৰিসংখ্যাৰ সৈতে জড়িত আৰু আনটো কৰ্মসূচী ৰূপায়নৰ লগত জড়িত। ইয়াৰ পৰিসংখ্যা শাখাক ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় বুলি কোৱা হয়। ই কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয় আৰু কম্পিউটাৰ কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয়(NSSO)-ৰে গঠিত। আনহাতে, কৰ্মসূচী ৰূপায়ন শাখাটো তিনিটা শাখা ক্ৰমে (ক) ২০ দফীয়া কৰ্মসূচী (খ) আন্তঃগাঁথনি নিৰীক্ষণ আৰু প্ৰকল্প নিৰীক্ষণ আৰু (গ) সাংসদৰ স্থানীয় অঞ্চল উন্নয়ন আঁচনিৰে গঠিত।


ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় ( ক্ষেত্ৰ পৰিচালনা শাখা), গেংটকে লঘু যান-বাহন চালকৰ এটা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

লঘু যান-বাহনৰ চালক।

খালী পদৰ সংখ্যা

১ টা।

বয়সৰ সীমা

২৫-৪০ বছৰ।

দৰমহা

নিয়ম অনুসৰি

চাকৰিৰ স্থান

ছিকিম, গেংটক।

অন্তিম তাৰিখ

৩০, ১২, ২০২১।

ৱেবছাইট

-

শিক্ষাগত অৰ্হতা:

প্ৰকল্প সহযোগীঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ।

প্ৰাৰ্থীৰ লঘু যানবাহনৰ চালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব।

লঘু যানবাহনৰ যান্ত্ৰিক দিশৰ জ্ঞান থাকিব লাগিব।

লঘু যান-বাহন ( কাৰ/ জীপ/ তিনিচকীয়া বাহন) চলোৱাৰ ন্যূনতম তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ নিয়মঃ Deputy Director-General, NSO (FDO), Rinzing Building, Gairi Gaon, Tadong, Gangtok, Sikkim-737102- এই ঠিকনালৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।


সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


আৰু পঢ়ক:দাৰ্জিলিং পৌৰসভাত বিভিন্ন ধৰণৰ খালী


Next Story
চাকৰি