Begin typing your search above and press return to search.

মেঘালয় ITS নিযুক্তি ২০২১ : কম্পিউটাৰ কাৰিকৰৰ পদখালী

উপযুক্ত প্ৰাৰ্থী সকলক কম্পিউটাৰ কাৰিকৰৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

মেঘালয় ITS নিযুক্তি ২০২১ : কম্পিউটাৰ কাৰিকৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Dec 2021 10:06 AM GMT

মেঘালয় ITS ৰ বিষয়ে জানক :

মেঘালয় চৰকাৰে জ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ স্থাপনা কৰাইছিল ২০০১চনৰ মে মাহত। এই প্ৰতিষ্ঠানৰ মূল লক্ষ্য আছিল জ্ঞান আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ উৎপন সকলোলৈকে উপলব্ধ কৰোৱা। বিশেষকৈ ৰাজ্যৰ দুখীয়া আৰু দৰিদ্ৰ শাখা, বাণিজ্য আৰু চাকৰিয়াল তথা সকলো ষ্টক হল্ডাৰলৈ।

এই জ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগত মেঘালয় চৰকাৰে মেঘালয়ক দেশৰ অন্যতম আই টি/ আই টি ই এছ, উচ্চ খাপৰ প্ৰযুক্তিবিদ্যা আৰু ইলেকট্ৰনিক্স উদ্যোগত বিনিয়োগ কৰিবৰ বাবে উপযুক্ত এখন ৰাজ্য ৰূপে গৰহি তোলাৰ পৰিকল্পনা কৰিছিল।

মেঘালয় জ্ঞান প্ৰযুক্তিবিদ্যা বিভাগত পদ খালী :

মেঘালয় জ্ঞান প্ৰযুক্তিবিদ্যা বিভাগত, শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক কম্পিউটাৰ কাৰিকৰৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কম্পিউটাৰ কাৰিকৰ

খালী পদৰ সংখ্যা

০১

বয়স

MITS ৰ নিয়মাৱলী অনুসৰি

দৰমহা

১৪,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান

শ্বিলং, মেঘালয়

অন্তিম তাৰিখ

০৬/১২/২০২১


আকাংক্ষিত অৰ্হতা:

ভাৰতৰ কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা হাৰ্ডৱেৰ তত্বাৱধান, চি চি এন এ প্ৰমাণপত্ৰ সেই গ্ৰেজুৱেট বা কোনো ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা জ্ঞান প্ৰযুক্তিবিদ্যা/ কম্পিউটাৰ বিজ্ঞান/ ইলেকট্ৰনিক্স আৰু যোগাযোগ বিভাগৰ পৰা ৩বছৰীয়া ডিপ্লোমা।

কম্পিউটাৰ আৰু সৰঞ্জাম মেৰামতি, নেটৱৰ্কিং ট্ৰাবলশ্বুটিং, ডাটা উদ্ধাৰ আৰু সেৱাৰ তত্বাবধানত নূন্যতম ০৩বছৰীয়া অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া:

এই পদত আৱেদন দাখিল কৰিবৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকল নিজৰ বায়ডাতা আৰু সকলো প্ৰয়োজনীয় নথি পত্ৰ, শিক্ষাগত মান পত্ৰ, অভিজ্ঞতা প্ৰমাণ পত্ৰ সহ অহা ০৬ ডিচেম্বৰ ২০২১, তাৰিখে পুৱা ১০:০০বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

স্থান : O/o সদস্য সম্পাদক, MITS, নতুন IT বিলডিং, ছেক্ৰেটেৰিয়েত, হিলছ, শ্বিলং

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক: NALCO নিযুক্তি ২০২১ : হোমিওপেথি চিকিৎসকৰ পদখালী


Next Story
চাকৰি