Begin typing your search above and press return to search.

অৰুণাচল প্ৰদেশ লোক সেৱা আয়োগ নিযুক্তি ২০২২ - দুগ্ধ বিকাশ বিষয়াৰ পদখালী 

অৰুণাচল প্ৰদেশ লোক সেৱা আয়োগে ইটানগৰত দুগ্ধ বিকাশ বিষয়াৰ চাকৰিৰ নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে

অৰুণাচল প্ৰদেশ লোক সেৱা আয়োগ নিযুক্তি ২০২২ - দুগ্ধ বিকাশ বিষয়াৰ পদখালী 

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Dec 2021 8:38 AM GMT

অৰুণাচল প্ৰদেশ লোক সেৱা আয়োগৰ বিষয়ে :

অৰুণাচল প্ৰদেশ লোক সেৱা আয়োগ (এপিপিএছচি) হৈছে অৰুণাচল প্ৰদেশ চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগ আৰু সেৱাত প্ৰৱেশ পৰ্যায়ৰ নিযুক্তিৰ বাবে অসামৰিক সেৱা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আৰু চৰকাৰক অসামৰিক সেৱাৰ বিষয়ত পৰামৰ্শ দিয়াৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত ৰাজ্যিক সংস্থা।

অৰুণাচল প্ৰদেশ লোক সেৱা আয়োগ অৰুণাচলত পদ খালী :

অৰুণাচল প্ৰদেশ লোক সেৱা আয়োগত শেহতীয়া ভাৱে গ্ৰুপ বি, পশুপালন আৰু পশু চিকিৎসা বিভাগত, স্থায়ী ভাৱে দুগ্ধ বিকাশ বিষয়াৰ খালী পদত নিযুক্তিৰ ভাৰতীয় নাগৰিক সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

দুগ্ধ বিকাশ বিষয়া

খালী পদ

০১

বয়স

২১ - ৩২বছৰ

দৰমহা

৪৪,৯০০ - ১,৪২,৪০০/- টকা, প্ৰতি মাহে

অন্তিম তাৰিখ

১৪/০১/২০২২

আৱেদন মাছুল

২০০/- টকা, অনলাইন প্ৰক্ৰিয়াৰে


শিক্ষাগত আৰু অন্যান্য অৰ্হতা :

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা দুগ্ধ বিকাশ বিষয়ত B. Tech ডিগ্ৰী।

ইয়াৰোপৰি, অন্তিম বৰ্ষৰ পৰীক্ষা দিয়াৰ লগতে ইয়াৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থী সকলে আৱেদন দাখিল কৰিব পৰিব। সাক্ষাৎকাৰ/ ভাইভাৰ সময়ত প্ৰকৃত শিক্ষা প্ৰমাণপত্ৰ জমা কৰিবৰ বাবে উপযুক্ত হ'ব লাগিব।

বাছনি প্ৰক্ৰিয়া :

আগ্ৰহী প্ৰাৰ্থী সকলক প্ৰথমে লিখিত পৰীক্ষা আৰু তাৰ পাছত ভাইভা জৰিয়তে বাছনি কৰা হ'ব


আৰু পঢ়ক : মহাত্মা গান্ধী নিযুক্তি গেৰান্টি অধিনিয়ম চহৰা নিযুক্তি ২০২২ - অতিৰিক্ত কাৰ্যসূচী বিষয়াৰ পদ খালী


Next Story
চাকৰি