মহামাৰীত বিধ্বস্ত চীনৰ প্ৰতি সহানুভূতি প্ৰকাশ দালাই লামাৰ

নিৰ্বাসিত তিব্বতী বৌদ্ধ ধৰ্মীয় নেতা দালাই লামাই পৰ্যবেক্ষণ কৰি মন্তব্য প্ৰকাশ কৰে যে চীন বৰ্তমান কোভিডৰ বাবে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে।
মহামাৰীত বিধ্বস্ত চীনৰ প্ৰতি সহানুভূতি প্ৰকাশ দালাই লামাৰ
Published on

পাটনাঃ কাল চক্ৰ পূজাৰ বাবে বোধ গয়াত উপস্থিত থকা নিৰ্বাসিত তিব্বতী বৌদ্ধ ধৰ্মগুৰু দালাই লামাই শুকুৰবাৰে কোভিডৰ বাবে চীন বৰ্তমান কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাটো পৰ্যবেক্ষণ কৰি দেশজুৰি মহামাৰী বিয়পি পৰাৰ লগে লগে বহু সংখ্যক লোকক আক্ৰান্ত হোৱাত সহানুভূতি প্ৰকাশ কৰিছে। বোধ গয়াৰ পৰা চীনৰ এগৰাকী সন্দেহযুক্ত মহিলা চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে তেওঁৰ এই মন্তব্য প্ৰকাশ কৰে।

দালাই লামাই লগতে কয় যে ক'ৰোনা মহামাৰী পৰমাণু বোমাতকৈও অধিক বিপদজ্জনক।লগতে তেওঁ কয় যে,কোভিড ৰ বাবে চীনে কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে আৰু মই সহানুভূতি জনাইছো চীনৰ জনসাধাৰণৰ প্ৰতি। আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব। পৰমাণু বোমাতকৈও বিপজ্জনক কৰ'না। যদিও, আমি এটা পৰমাণু বোমা আৰু মহামাৰীমুক্ত পৃথিৱী বনাব লাগিব", তেওঁ নিজৰ ধৰ্মধ্বনিৰ দ্বিতীয় দিনটোত এইদৰে কয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com