Begin typing your search above and press return to search.

ধুবুৰীৰ জিলা অক্ষমতা পুনৰ সংস্থাপন কেন্দ্ৰত মনোবিজ্ঞানী নিযুক্তি

ধুবুৰীৰ জিলা অক্ষমতা পুনৰ সংস্থাপন কেন্দ্ৰই মনোবিজ্ঞানী/ ছাইকোথাৰাপিষ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ধুবুৰীৰ জিলা অক্ষমতা পুনৰ সংস্থাপন কেন্দ্ৰত মনোবিজ্ঞানী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2021 11:54 AM GMT

ধুবুৰীৰ জিলা অক্ষমতা পুনৰ সংস্থাপন কেন্দ্ৰৰ বিষয়েঃ

জিলা বাধাগ্ৰস্ততা পুনৰ সংস্থাপন কেন্দ্ৰ (DDRC) হৈছে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ এটা পদক্ষেপ। ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলসমূহৰ লোকসকলৰ বাধাগ্ৰস্ততা দূৰ কৰাৰ উদ্যোগ লোৱা হৈছে। সাতখন ৰাজ্যত ১৬ টা ডি ডি আৰ চি স্থাপন কৰিব লাগে। ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ে ধুবুৰীৰ জিলা অক্ষমতা পুনৰ সংস্থাপন কেন্দ্ৰত দুটা খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


ধুবুৰীৰ জিলা অক্ষমতা পুনৰ সংস্থাপন কেন্দ্ৰৰ নিযুক্তি-২০২২ঃ


ধুবুৰীৰ জিলা অক্ষমতা পুনৰ সংস্থাপন কেন্দ্ৰই মনোবিজ্ঞানী/ ছাইকোথাৰাপিষ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ




প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত পৰীক্ষা কৰিব পাৰে :-


পদৰ নাম

ক্লিনিকেল ছাইকোলজিষ্ট, ছিনিয়ৰ ছাইকোথাৰেপিষ্ট / অকুপেচনেল থাৰেপিষ্ট।

খালী পদ

০২ টা। এটা ক্লিনিকেল ছাইকোলজিষ্টৰ আৰু আনটো ছিনিয়ৰ ছাইকোথাৰেপিষ্ট / অকুপেচনেল থাৰেপিষ্টৰ।

বয়স

২০২১ৰ জানুৱাৰীত সৰ্বোচ্চ ৩৮ বছৰ।

দৰমহা

প্ৰতি মাহে ২০,৫০০টকা।

অন্তিম তাৰিখ

১২ জানুৱাৰী, ২০২২।

চাকৰিৰ স্থান

ধুবুৰী, অসম

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।

চাকৰিৰ প্ৰকৃতি

স্থায়ী।


শিক্ষাগত অৰ্হতা :

ক্লিনিকেল ছাইকোলজিষ্টৰ ক্ষেত্ৰত ছাইকোলজীৰ এম ফিল / মনোবিজ্ঞানৰ এম এ।

অভিজ্ঞতাঃ বাধাগ্ৰস্ততা পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ২ বছৰৰ অভিজ্ঞতা।

ছিনিয়ৰ ছাইকোথাৰেপিষ্ট / অকুপেচনেল থাৰেপিষ্টৰ ক্ষেত্ৰত সংশ্লিষ্ট ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী। সংশ্লিষ্ট ক্ষেত্ৰত ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া :

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে অন্তিম তাৰিখ ১২ জানুৱাৰী ২০২২ৰ সন্ধিয়া ৫ বজাৰ ভিতৰত পোৱাকৈ ধুবুজীৰ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। আবেদনৰ লগত সংশ্লিষ্ট নথি-পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিব।


বাছনি প্ৰক্ৰিয়া-

স্কীল পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হ'ব।


আৰু চাব পাৰে : ইউ আই ডি এ আই নিযুক্তি ২০২২ - ১১ উপ পৰিচালক, সহকাৰী পৰিচালকৰ পদ খালী


Next Story
চাকৰি