Begin typing your search above and press return to search.

কৃষি আৰু কৃষক কল্যাণ বিভাগত আইন বিষয়াৰ পদ খালী

কৃষি আৰু কৃষক কল্যাণ বিভাগে আইন বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কৃষি আৰু কৃষক কল্যাণ বিভাগত আইন বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2022 10:40 AM GMT

কৃষি আৰু কৃষক কল্যাণ বিভাগৰ বিষয়েঃ

কেন্দ্ৰীয় কৃষি মন্ত্ৰালয় তিনিটা উপাদানেৰে গঠিত। ইয়াৰ এটা উপাদান হৈছে কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ । আন দুটাৰ এটা হৈছে পশুপালন, দুগ্ধ উৎপাদন আৰু মীন। আনটো হ'ল কৃষি গৱেষণা আৰু শিক্ষা ৷ এই বিভাগক কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীয়ে নেতৃত্ব দিয়ে আৰু তেওঁক তিনিজন ৰাজ্যিক কৃষি মন্ত্ৰীয়ে সহায় কৰে ৷

সংশ্লিষ্ট সচিব হৈছে বিভাগটোৰ প্ৰশাসনিক মুৰব্বী। সচিবক এজন প্ৰধান পৰামৰ্শদাতা, এজন বিত্ত পৰামৰ্শদাতাসহ পাঁচজন অতিৰিক্ত সচিব, কৃষি আয়ুক্ত আৰু ১২ জন যুটীয়া সচিবে সহায় কৰে। তদুপৰি তেওঁক সহায়ৰ বাবে থাকে মিছন সঞ্চালক ( ৰাষ্ট্ৰীয় উদ্যানশস্য মিছন) আৰু মিছন সঞ্চালক ( ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন), উদ্যানশস্য আয়ুক্ত, উদ্যানশস্য উপদেষ্টা, আৰ্থিক উপদেষ্টা আৰু দুজন উপ-সঞ্চালক প্ৰধান।

আইন বিষয়া নিযুক্তিৰ বাবে কৃষি আৰু কৃষক কল্যাণ বিভাগে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত ইচ্ছ্যুক প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে।

কৃষি আৰু কৃষক কল্যাণ বিভাগৰ নিযুক্তি-২০২২ঃ

কৃষি আৰু কৃষক কল্যাণ বিভাগে আইন বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ বিষয়ে তথ্য পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

আইন বিষয়া।

পদৰ সংখ্যা

০১ টা।

দৰমহা

মাহিলী ৫৬,১০০ টকাৰ পৰা ১,৭৭, ৫০০ টকা।

চাকৰিৰ স্থান

নতুন দিল্লী।

বয়সৰ সীমা

নিয়ম অনুসৰি।

আবেদন প্ৰক্ৰিয়া

অনলাইন।

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।

অন্তিম তাৰিখ

২২-০৩-২০২২

ৱেবছাইট

www.agricoop.nic.in



আবেদনৰ প্ৰক্ৰিয়াঃ

আগ্ৰহী প্ৰাৰ্থীসকলে www.agricoop.nic.in বা www.ppqs.gov.in-ৰ পৰা আবেদন জনাব পাৰে।


ডেপুটেচন ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।




আৰু চাব পাৰে : এইমছ ৰাইপুৰত কনিষ্ঠ গৱেষণা ফেলো (জে আৰ এফ)-ৰ প্ৰয়োজন

Next Story
চাকৰি