Begin typing your search above and press return to search.
শিক্ষক নিযুক্তিৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ আবেদন আহ্বান
প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিক স্কুলসমূহত শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৩,৯৪১টা।
দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৯-২০২০।
আবেদনৰ নিয়মঃ অনলাইন আবেদন জমা দিওঁতে প্ৰাৰ্থীসকল সাৱধান হোৱা উচিত। কাৰণ এবাৰ এটা টেট পৰীক্ষাৰ ৰোল নম্বৰৰ বিপৰীতে আবেদন জমা দিয়াৰ পাছত দ্বিতীয়বাৰ আবেদন জমা দিবলৈ দিয়া নহ'ব। আবেদন জমা দিয়াৰ পাছত প্ৰাৰ্থীসকলে এটা একক নম্বৰ পাব। এই নম্বৰ ভালদৰে ৰাখিব লাগিব। কোনো কাৰিকৰী সমস্যাৰ বাবে অনলাইন আবেদন জমা দিওঁতে খেলিমেলি হলে এই কাৰ্যালয় জগৰীয়া নহ'ব।
অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ১২-০৯-২০২০ৰ মাজনিশাৰ পৰা ২৬-০৯-২০২০ৰ মাজনিশালৈকে www.dee.assam.gov.inৰ জৰিয়তে আবেদন জনাব পাৰিব। কোনো কাৰণতে অফলাইন আবেদন গ্ৰহণ কৰা নহব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ অ' এন জি চিত চিকিত্সা বিষয়াৰ পদখালী
Next Story