Begin typing your search above and press return to search.

কৃষি সঞ্চালকালয় মেঘালয়ত কাৰিকৰী সহযোগীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

কৃষি সঞ্চালকালয় মেঘালয়ত কাৰিকৰী সহযোগীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2021 3:37 PM GMT


কৃষি বিভাগ মেঘালয়ৰ অধীনত, কৃষি সঞ্চালকালয় মেঘালয় স্থাপন কৰা হৈছিল ১৯৯৫চনত। এই অনুষ্ঠানৰ মূল লক্ষ্য হৈছে বিভিন্ন অত্যাধুনিক উপায়েৰে ভৱিষ্যত প্ৰজন্মৰ বাবে খাদ্য সংৰক্ষণ কৰা। ইয়াৰ লগতে উপলব্ধ প্ৰাকৃতিক বনিজ সমূহৰ সংৰক্ষণ, ব্যৱস্থাপন আৰু বহনক্ষম ক্ষমতাৰে সংৰক্ষণ কৰা যিয়ে মানুহৰ জীৱনযাপনাত সহযোগিতা প্ৰদান কৰাত সক্ষম হ'ব।

কৃষি সঞ্চালকালয় মেঘালয়ত, শেহতীয়া ভাৱে, কাৰিকৰী সহযোগীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : কাৰিকৰী সহযোগী

খালী পদৰ সংখ্যা : ০২

দৰমহা : ২৫,০০০/- টকা, মাহিলী

বয়স : নিয়মাৱলী অনুসৰি

নিযুক্তিৰ স্থান : শ্বিলং, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৯/১১/২০২১

অৰ্হতা : কৃষি/ উদ্যানবিদ্য বিভাগত বেচেলৰ ডিগ্ৰী আৰু ১বছৰীয়া অভিজ্ঞতা। পশ্চিম জয়ন্তীয়া জিলাৰ প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব। কম্পিউটাৰ জ্ঞান থাকিব লাগিব আৰু ফিল্ডত হৈ কাম কৰিবৰ বাবে ইচ্ছুক হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত পাঠ্য ৰূপত উপলব্ধ আবেদন পূৰা কৰোঁ, স্বাক্ষৰ যুক্ত নথি পত্ৰ, পাছপৰ্ট ফটো, ফোন নম্বৰ সহ উল্লেখিত ঠিকনা নতুবা মেইল যোগে প্ৰেৰণ কৰিব লাগিব ।

ঠিকনা : উদ্যানবিদ্যা নিৰ্দেশকৰ কাৰ্য্যালয়, মেঘালয়, কক্ষ নং ৩০১, কৃষি সঞ্চালকালয় কাৰ্য্যালয়, লৱাৰ ক্লেভ কলনী, শ্বিলং ৭৯৩০০৩

মেইল : hort-meg@nic.in

আৰু চাব পাৰেঃ মৌছিনৰাম ব'ৰ্ডাৰ এৰিয়া কলেজত সহকাৰী অধ্যাপকৰ পদ খালী

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

Next Story
চাকৰি