গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত স্বাস্থ্য কৰ্মী নিযুক্তি

ডা° বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে চি চি ই, টি এম চিৰ প্ৰকল্পৰ বাবে স্বাস্থ্য কৰ্মী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে
গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত স্বাস্থ্য কৰ্মী নিযুক্তি

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বিষয়েঃ

গুৱাহাটীৰ ডা- ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা মানৱদৰদী চিকিত্সক ডাঃ ভুৱনেশ্বৰ বৰুৱা ( ৪ ছেপ্টেম্বৰ, ১৮৯৩-২৫ ছেপ্টেম্বৰ, ১৯৫৬)-ৰ নামত প্ৰতিষ্ঠা কৰা হৈছে।

১৯৫৮-ত গুৱাহাটীত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ডা° ভুৱনেশ্বৰ বৰুৱাৰ স্মৃতিত এখন কৰ্কট ৰোগ প্ৰতিষ্ঠান স্থাপনৰ সিদ্ধান্ত গৃহীত হয় ৷ এই চিকিৎসালয় স্বেচ্ছাসেৱী ন্যাস "ডা° বি বৰুৱা কেন্সাৰ ছ'চাইটী ট্ৰাষ্ট"-এ প্ৰতিষ্ঠা কৰে ৷

ডা° বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে চি চি ই, টি এম চিৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত  প্ৰকল্প  "MRC Oral Cancer Screening Trial-ৰ বাবে স্বাস্থ্য কৰ্মী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে ৷ এই বিষয়ে তলত সবিশেষ তথ্য পাব

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নিযুক্তি ২০২২ঃ 

ডা° বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে চি চি ই, টি এম চিৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত প্ৰকল্প "MRC Oral Cancer Screening Trial-ৰ বাবে স্বাস্থ্য কৰ্মী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰেঃ

পদৰ নাম

কনিষ্ঠ গৱেষণা সভ্য (জে আৰ এফ)। 

খালী পদ 

স্বাস্থয কৰ্মী। 

দৰমহা

মাহিলী ২০ হেজাৰ টকা (স্থায়ী)। 

চাকৰিৰ স্থান

গুৱাহাটী। 

বয়সৰ সীমা

৩০ বছৰতকৈ কম। 

আবেদন মাচুল

তথ্য উপলব্ধ নহয়। 

বাছনি প্ৰক্ৰিয়া

  সাক্ষাৎকাৰ

প্ৰকল্পৰ নাম 

"MRC Oral Cancer Screening Trial."


সাক্ষাতকাৰৰ তাৰিখ

২০২২ৰ ১২ জানুৱাৰীৰ পুৱা ৯-৩০ বজাৰ পৰা পুৱা ১০-৩০ বজালৈ। 


আবেদনৰ শেষ তাৰিখ

১২ জানুৱাৰী, ২০২২। 

শিক্ষাগত অৰ্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম এছ ডব্লিউ। লগতে একেধৰণৰ দায়িত্বত কাম কৰাৰ ১-২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ 

প্ৰাৰ্থীয়ে শিক্ষাগত অৰ্হতা, বয়স, অভিজ্ঞতা আদিৰ প্ৰত্যায়িত প্ৰতিলিসহ সাক্ষাতকাৰলৈ আহিব পাৰে। 

সাক্ষাতকাৰঃ অহা ২০২২ৰ ১২ জানুৱাৰীৰ পুৱা ৯-৩০ বজাৰ পৰা পুৱা ১০-৩০ বজালৈ Conference Hall, Dr. B. Borooah Cancer Institute (BBCI) Guwahati (2nd Floor, OPD Building)-ত সাক্ষাতকাৰ অনুষ্ঠিত হব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com