নগাঁও ন্যায়পালিকাত নিযুক্তি ২০২১ - গাড়ীচালকৰ পদখালী
নগাঁও ন্যায়পালিকাই গাড়ীচালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

নগাঁও ন্যায়পালিকাৰ বিষয়েঃ
নগাঁও জিলা ন্যায়পালিকাই জিলাখনত ন্যায় প্ৰদানৰ ক্ষেত্ৰত দীৰ্ঘকাল ধৰি ভূমিকা পালন কৰি আহিছে। জিলা ন্যায়পালিকা দুগৰাকী মুৰব্বীৰ নেতৃত্বত দুটা শাখাত গঠিত হৈছে ৷ এই শাখা দুটিৰ এটা হৈছে ন্যায়াধীশৰ আদালত আৰু আনটো হৈছে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত ৷ ইয়াৰে প্ৰথমটো শাখাত অপৰাধ গোচৰৰ বিচাৰ হয়। ইয়াক জিলা আৰু ছেচন আদালত বোলা হয় ৷ আনটো শাখাক মুখ্য ন্যায়িক দণ্ডাধীশে নেতৃত্ব দিয়ে আৰু এই শাখাত কেৱল অপৰাধ গোচৰৰ সিদ্ধান্ত লোৱা হয় ৷
এই জিলা ন্যায়পালিকাৰ দুয়োটা শাখা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনৰ ৷
নগাঁও ন্যায়পালিকাত পদখালীঃ
নগাঁও ন্যায়পালিকাই গাড়ীচালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ এই পদৰ দৰমহা, বয়স, শিক্ষাগত অৰ্হতা আদিৰ তথ্য তলত পাবঃ
নগাঁও ন্যায়পালিকাৰ চাকৰিৰ বিষয়েঃ
পদৰ নাম | গাড়ীচালক |
খালী পদৰ সংখ্যা | ১ টা |
বয়সৰ সীমা | ০১-১১-২০২১-ত ১৮ৰ পৰা ৩৮ বছৰ |
দৰমহা | মাহিলী ১০ হেজাৰ টকা |
নিযুক্তিৰ স্থান | অসম |
আবেদনৰ মাচুল | আবেদনৰ মাচুল নাই |
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব ৷ তদুপৰি গাড়ীচালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব৷
কেনেদৰে আবেদন জনাবঃ
ইচ্ছ্যুক প্ৰাৰ্থীয়ে নগাঁও জিলা আদালত চৌহদত ৰখা ড্ৰ'প বক্সত আবেদন জমা দিব লাগিব৷
আবেদনৰ সৈতে শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰৰ ফটোকপি জমা দিব লাগিব ৷ লগতে শেহতীয়াকৈ তোলা তিনিকপি পাছপৰ্ট আকাৰৰ ফটো আবেদনৰ লগত প্ৰেৰণ কৰিব লাগিব৷
আৰু পঢ়ক : মতিলাল নেহৰু কলেজত পদ খালী