Begin typing your search above and press return to search.

মতিলাল নেহৰু কলেজত পদ খালী

পদৰ সবিশেষ বিবৰণ তলত উল্লেখ কৰা হৈছে

মতিলাল নেহৰু কলেজত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2021 2:35 AM GMT

মতিলাল নেহৰু কলেজৰ বিষয়েঃ মতিলাল নেহৰু কলেজ দিল্লী বিশ্ববিদ্যালয়ৰ অন্যতম কলেজ। এই কলেজ ১৯৬৪-ত প্ৰতিষ্ঠা কৰা হয়। মতিলাল নেহুৰু কলেজে সহকাৰী অধ্য়াপকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আবেদন পত্ৰ বিচাৰিছে।

মতিলাল নেহৰু ভাৰতত স্বাধীনতা সংগ্ৰামী আছিল। তেওঁৰ আদৰ্শৰে ভাৰতত বহু প্ৰধানমন্ত্ৰী অনুপ্ৰাণিত হৈছিল। ১৯৬৪-ত স্থাপিত কলেজে ৩০০ ছাত্ৰ-ছাত্ৰী সহ পাঠদান আৰম্ভ কৰিছিল। বৰ্তমানে এই কলেজৰ অধ্যাপক-অধ্যাপিকাৰ সংখ্যা ১৪০ ৰো অধিক। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩০০০। সমগ্ৰ দেশৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে এই কলেজত অধ্যয়ন কৰে। এই কলেজ ১৯৬৬ৰ পৰা চৰকাৰী কলেজ হৈ আছে। ১৯৭৭-ৰ ১০ জানুৱাৰীত এই কলেজক মতিলাল নেহহৰু কলেজৰূপে নামকৰণ কৰা হয়। তাৰ পাছতে হস্তিনাপুৰৰ নতুন চৌহদলৈ এই কলেজ স্থানান্তৰিত হয়। এই কলেজে ২০১৪ত সোণালী জয়ন্তী পালন কৰে।

মতিলাল নেহৰু কলেজত নিযুক্তি-২০২২ঃ

মতিলাল নেহৰু কলেজত সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। এই পদৰ সবিশেষ বিবৰণ তলত উল্লেখ কৰা হৈছে :


পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

সহকাৰী অধ্যাপক

খালী পদ

২ টা।

বয়স

তথ্য উপলব্ধ নহয়।

দৰমহা

নিয়মাৱলী অনুসৰি

নিযুক্তিৰ স্থান

দিল্লী।

অন্তিম তাৰিখ

৪ জানুৱাৰী।

খালী পদঃ

সহকাৰী অধ্যাপক (ৰাজনীতি বিজ্ঞান)ঃ ১টা।

পৰিৱেশ বিজ্ঞানঃ ১টা।

অনুমোদিত প্ৰ-পত্ৰত আবেদন জনাব লাগিব।

শিক্ষাগত অৰ্হতাঃ মতিলাল নেহৰু কলেজৰ নিয়মাৱালী অনুসৰি।

আৱেদন প্ৰক্ৰিয়া :

আগ্ৰহী তথা উপযুক্ত প্ৰাৰ্থী সকলে নিৰ্ধাৰিত আবেদন প্ৰ-পত্ৰৰ ৰূপত আবেদন পত্ৰ দাখিল কৰিব পৰিব।


আৰুৃ চাব পাৰে : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ নিযুক্তি ২০২২ - জেষ্ঠ প্ৰকল্প সহায়কাৰ পদ খালী



Next Story
চাকৰি