ড্ৰাগছঃ পুনৰ বিতৰ্কলৈ তামিল ছবি তাৰকা

ধনৰ অবৈধ লেনদেন , ড্ৰাগছ ব্যৱসায়ৰ সৈতে জৰিত হোৱা, ড্ৰাগছ সেৱন কৰা আদিৰ দৰে অভিযোগ উত্থাপন হৈছে।
ড্ৰাগছঃ পুনৰ বিতৰ্কলৈ তামিল ছবি তাৰকা
Published on

ড্ৰাগছ সংক্ৰান্তীয় বিষয়ক লৈ পুনৰ চৰ্চালৈ আহিছে একাংশ তামিল ছবি তাৰকা। উল্লেখ্য যে ২০১৭চনত তামিল ছবি জগতৰ বহু চিনাকী তথা জনপ্ৰিয় মুখ  ড্ৰাগছৰ সৈতে লিপ্ত হোৱাৰ ঘটনাই বহুতকে আচৰিত কৰিছিল। ড্ৰাগছৰ সেৱনৰ গোচৰত অভিযুক্ত কৰা হয় এই ছবি তাৰকাকলক। পিছে পৰবৰ্তী সময়ত ইয়াৰে বহুত নিৰ্দোষী প্ৰমাণিত হয়। 

সম্প্ৰতি ইয়াৰ ৪বছৰৰ পাছত পুনৰ এই গোচৰৰ কিছু নতুন তথ্য মুকলি কৰা হৈছে। পুনৰ  বহু তামিল তাৰকাৰ বিৰুদ্ধে  ধনৰ অবৈধ লেনদেন , ড্ৰাগছ ব্যৱসায়ৰ সৈতে জৰিত হোৱা, ড্ৰাগছ সেৱন কৰা আদিৰ দৰে অভিযোগ উত্থাপন  হৈছে।

অৱশ্যে শেহতীয়া তথ্য  অনুসৰি এই গোচৰৰ মুখ্য অভিযুক্ত কেলভিনৰ স্বীকাৰোক্তি আৰু সাক্ষ্যক গোচৰটোৰ প্ৰমাণ হিচাপে গ্ৰহণযোগ্য কৰা নহ'ব বুলি প্ৰকাশ পাইছে। ইয়াকে লৈ তাৰকাসকলে স্বস্থিৰ নিশ্বাস এৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com