Begin typing your search above and press return to search.

ICAR RCNEH উমিয়ামত ক্ষেত্ৰ সহকাৰীৰ পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল

ICAR RCNEH উমিয়ামত ক্ষেত্ৰ সহকাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Nov 2021 9:57 AM GMT

ICAR RCNEH উমিয়ামৰ বিষয়ে জানক :

ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) অধীনত ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চল, ১৯৭৫চনৰ ০৯জানুৱাৰী তাৰিখে প্ৰতিস্থাপন কৰা হয়। এই অনুষ্ঠান আছিল গৱেষণা ক্ষেত্ৰত প্ৰতিস্থাপন প্ৰথমখন অনুষ্ঠান, য'ত সমাহাৰ কৰা হৈছিল উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চল সমূহৰ বাবে গৱেষণা সম্বন্ধীয় ভিন্ন বিভাগ যেনে কৃষি, উদ্ভিদবিদ্যা, পশু বিজ্ঞান, কৃষি অভিযন্তা, মৎস্য বিভাগ আদি। এই অনুষ্ঠানৰ মুখ্য কাৰ্য্যালয় মেঘালয়ৰ, বৰাপানি অঞ্চলত স্থিত। এই অনুষ্ঠানৰ আঞ্চলিক কেন্দ্ৰ সমূহ হৈছে, বছৰ (অৰুণাচল প্ৰদেশ), ইম্ফল (মণিপুৰ), কলাচিব (মিজোৰাম), ঝৰ্ণাপানি (নাগালেণ্ড), লেম্বোচেৰা (ত্ৰিপুৰা) আৰু গেংটক (ছিক্কিম), আৰু এই সমূহৰ লগতে লাগি আছে সৰ্বমুঠ ১৫টা কৃষি বিজ্ঞান কেন্দ্ৰ, যিয়ে কৃষক, স্কুল ত্যাগ কৰা বিদ্যাৰ্থী, মহিলা সকলক প্ৰশিক্ষণ প্ৰদান কৰে।

ICAR RCNEH উমিয়ামত পদ খালী :

ICAR উত্তৰ - পূব পাহাৰীয়া অঞ্চলত, উপযুক্ত প্ৰাৰ্থী সকলক ক্ষেত্ৰ সহকাৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ক্ষেত্ৰ সহকাৰী

খালী পদৰ সংখ্যা

০১

প্ৰকল্পৰ নাম

Livelihood Improvement of Hill Farmers through Sustainable Farming Systems in North Eastern Hill Region– Farmers FIRST Project

বয়স

জেনেৰেল ৩০বছৰ। অনুসূচিত জনজাতি/ জাতি আৰু মহিলাৰ বাবে ৫বছৰ ৰেহাই আৰু অ' বি চিৰ বাবে ৩বছৰ ৰেহাই

দৰমহা

১৫,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান

উমিয়াম, মেঘালয়

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

২৫/১১/২০২১

শিক্ষাগত অৰ্হতা :

কৃষি আৰু প্ৰাসংগিক বিজ্ঞান বিভাগত M. Sc

আবেদনৰ প্ৰক্ৰিয়া : প্ৰাৰ্থীয়ে নিজৰ আৱেদন পত্ৰি, বায়দাটা আৰু প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰতিলিপি সহ অন্তিম তাৰিখৰ পূৰ্বে ইমেইল যোগে প্ৰেৰণ কৰিব পৰিব।

ইমেইল : ffpicarnehumiam@gmail.com

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : ছিকিম বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ পদখালী

Next Story
চাকৰি