Begin typing your search above and press return to search.

ভূতৰ কাহিনীৰ ছবিৰ লেখীয়াকৈ চিলিঙৰ পৰা উলমিল মূৰ !

সেই ফ্ল'ৰত বাস কৰা এহাল দম্পতীৰ কণমানি কন্যাই কৌতুহলবশতঃ নিজৰ মূৰটো গাঁতটোত ভৰায়। ফলত শিশুটিৰ মূৰ গাঁতটোত লাগি ধৰে ৷

ভূতৰ কাহিনীৰ ছবিৰ লেখীয়াকৈ চিলিঙৰ পৰা উলমিল মূৰ !

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2021 1:53 PM GMT

দক্ষিণ-পশ্চিম চীনৰ গুইজ' প্ৰদেশত অলপতে নিজৰ ঘৰৰ চিলিঙৰ পৰা মানুহৰ এটি মূৰ ওলমি থকা প্ৰত্যক্ষ কৰি বাকৰুদ্ধ হৈ পৰে এহাল দম্পতী।

আচলতে দম্পতীহালে বাস কৰা অট্টালিকাৰ দুটা ফ্লৰৰ মাজত এক্সট্ৰেকচন ফেন বঢ়োৱাৰ বাবে ফ্ল'ৰত প্ৰায় ৮ইঞ্চিৰ এটি গাঁত খন্দা হৈছিল। কিন্ত সেই ফ্ল'ৰত বাস কৰা এহাল দম্পতীৰ কণমানি কন্যাই কৌতুহলবশতঃ নিজৰ মূৰটো গাঁতটোত ভৰাই চায়। ফলত শিশুটিৰ মূৰ গাঁতটোত লাগি ধৰে ৷ গাঁতটোৰ আকৃতি সৰু হোৱাৰ বাবে তাৰ পৰা শিশুটিয়ে নিজৰ মূৰ উলিয়াই আনিবলৈ সক্ষম হোৱা নাছিল। শিশুটিৰ মূৰটোকে তলৰ মহলাত বাস কৰা দম্পতীহালে দেখি ভয়ত মাত-কথা হেৰুৱাইছিল।

পাছত ঘটনাৰ বিষয়ে খবৰ পাই সেই স্থানত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়। বাহিনীৰ কিছু সদস্যই কন্যা শিশুটিৰ মূৰটো লাহে লাহে ঠেলি পাৰ কৰাবলৈ যত্ন কৰে আৰু আনসকলে ওপৰৰ ফ্ল'ৰত তাইক স্থিৰকৈ ওপৰমুৱাকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰে।

প্ৰথম পৰ্যায়ত তেওঁলোকে প্লাচ সঁজুলিৰ সহায়ত গাঁতৰ আকৃতি বৃদ্ধি কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। পাছত শিশুটিৰ মূৰত খোৱাতেল লগাই লাহে লাহে পিচলাই উদ্ধাৰ কৰাত সফল হয়।

আনহাতে, অগ্নিনিৰ্বাক বাহিনীৰ মুৰব্বীয়ে স্থানীয় সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, তেওঁলোকে খবৰ পোৱালৈকে শিশুটিৰ মূৰ গাঁতটোত এঘণ্টা লাগি ধৰি আছিল ৷ আৰু তেওঁলোকক প্ৰায় ৪০মিনিট চেষ্টা কৰি শিশুটিক উদ্ধাৰ কৰে।


আৰু বাতৰি চাব পাৰেঃ ইনছলভেন্সী এণ্ড বেংকৰাপ্টচি বোৰ্ড অৱ ইণ্ডিয়াত (IBBI) পদখালী

Next Story
চাকৰি