Begin typing your search above and press return to search.

চিৰাঙৰ বিদেশী ন্যায়াধিকৰণত উচ্চবৰ্গৰ সহায়ক নিযুক্তি

চিৰাঙৰ বিদেশী ন্যায়াধিকৰণে উচ্চবৰ্গৰ সহায়ক (ইউ ডি এ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

চিৰাঙৰ বিদেশী ন্যায়াধিকৰণত উচ্চবৰ্গৰ সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Dec 2021 7:17 AM GMT

অসমৰ চিৰাং জিলাৰ বিষয়েঃ

অসমৰ চিৰাং জিলা হৈছে বি টি আৰৰ এখন প্ৰসাসনিক জিলা। তুলনামূলকভাবে এই জিলা এখন নতুন জিলা। ২০০৪-ত বঙাইগাঁও জিলাৰ একাংশকলৈ চিৰাং জিলা গঠন কৰা হয়। চিৰাং শব্দটো গাৰো ভাষাৰ শব্দ 'চি'-ৰ পৰা আহিছে। গাৰো ভাষাত চি মানে পানী আৰু ৰাং মানে বৰষুণ। চুবুৰীয়া দেশ ভূটানটো চিৰাং (Tsirang) নামৰ এখন জিলা আছে। অৱশ্যে অধিকাংশ লোকেই চিৰাং শব্দটো বড়ো ভাষাৰ শব্দ চিৰাং বা ছিৰাং পৰা অহা বুলি ধাৰণা কৰে। বড়ো ভাষাত ছি মানে জীৱন আৰু ৰাং মানে ধন। চিৰাঙৰ মাটি উৰ্বৰা আৰু এই জিলা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, গছ-গছনি, জীৱ-জন্তু আদিৰে ভৰি আছে।


চিৰাঙৰ বিদেশী ন্যায়াধিকৰণত নিযুক্তি-২০২২ঃ

চিৰাঙৰ বিদেশী ন্যায়াধিকৰণে উচ্চবৰ্গৰ সহায়ক (ইউ ডি এ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

আগ্ৰহী প্ৰাথীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

গৱেষণা সহায়ক

খালী পদৰ সংখ্যা

১ টা।

বয়সৰ সীমা

০১-০১-২০২১ত ১৮-ৰ পৰা ৪৫ বছৰ।

দৰমহা

প্ৰতি মাহে ১৪ হেজাৰ টকাৰ পৰা ৬০, ৫০০ টকা।

আবেদন মাচুল

নাই।

অন্তিম তাৰিখ

০২ জানুৱাৰী ২০২২

ৱেবছাইট

chirang.gov.in

শিক্ষাগত অৰ্হতা: চিৰাঙৰ বিদেশী ন্যায়াধিকৰণৰ জাননী অনুসৰি।

অভিজ্ঞতাঃ চৰকাৰী প্ৰতিষ্ঠানত সন্তোষজনকভাবে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব আৰু ৭ বছৰ টাইপিষ্টৰ কাম কৰা হব লাগিব।


আবেদনৰ প্ৰক্ৰিয়া :


●প্ৰথমে, অফিচিয়েল ৱেবছাইট chirang.gov.in চাওক ●

আৰু আপুনি আবেদন কৰিব লগা চিৰাঙৰ বিদেশী ন্যায়াধিকৰণৰ নিযুক্তি বা কেৰিয়াৰ অপচন চাওক।

●উচ্চ বৰ্গৰ সহায়কৰ অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

●আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

●কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

●আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখত বা তাৰ আগতে পোৱাকৈ আবেদন প্ৰেৰণ কৰক ( শেষ তাৰিখঃ ২ জানুৱাৰী, ২০২২)



আৰু চাব পাৰে:CPGSAS মেঘালয়ত নিযুক্তি ২০২২ -গৰাকী জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী


Next Story
চাকৰি