গুৱাহাটী বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
গুৱাহাটী বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ পদখালী
Published on: 

গুৱাহাটী বিশ্ববিদ্যালয়ত ক্ষেত্ৰ অনুসন্ধানকাৰী আৰু ৰিচাৰ্চ ফেল্ল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। 

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : ক্ষেত্ৰ অনুসন্ধানকাৰী। 

খালী পদৰ সংখ্যা : ০১ টা।

বয়স : ৩৮বছৰ . 

দৰমহা : ২২,০০০ - ৮৭,০০০টকা,( মাহিলী)। 

পদৰ নাম : ৰিচাৰ্চ ফেল'

খালী পদৰ সংখ্যা : ০১

বয়স : ৩৮বছৰ

দৰমহা : ২৫,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১০/০৯/২০২১

আবেদনৰ মাছুল : ৫০০টকা

শিক্ষাগত অৰ্হতা :

• ক্ষেত্ৰ অনুসন্ধানকাৰী : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

• ৰিচাৰ্চ ফেল' : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ আৰু প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে পঞ্জীয়ক, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী, অসম লৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com