গুৱাহাটী বিশ্ববিদ্য়ালয়ত প্ৰকল্প সহযোগী, ক্ষেত্ৰ কৰ্মী নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত চাব পাৰে।
গুৱাহাটী বিশ্ববিদ্য়ালয়ত প্ৰকল্প সহযোগী, ক্ষেত্ৰ কৰ্মী নিযুক্তি

গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ বিষয়েঃ 

গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ এখন অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান। এই বিশ্ববিদ্যালয়ত অধ্যয়নৰ সপোন বহুতে পুহি ৰাখে। একেৰাহে ৬ বছৰ ধৰি এই শিক্ষানুষ্ঠানে এন আই পি আৰ ৰেংকিঙত শীৰ্ষ স্থান দখল কৰি আহিছে আৰু এই বিশ্ববিদ্যালয় নাক-ৰ দ্বাৰা এ-গ্ৰেড প্ৰাপ্ত বিশ্ববিদ্যালয়। উত্তৰ-পূব ভাৰতৰ একেবাৰে শীৰ্ষত আছে এই বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় উত্তৰ-পূবৰ সবাতোকৈ বৈচিত্ৰময় বিশ্ববিদ্যালয়। 

গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকল্প সহযোগী  / ক্ষেত্ৰ কৰ্মী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

গুৱাহাটী বিশ্ববিদ্য়ালয়ত নিযুক্তি ২০২২ঃ 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ-এন এম এইচ এছ ইয়ে পুঁজি যোগান ধৰা  Climate Change and Sustainability of Agricultural Practices and Livelihoods in the Eastern Himalaya: Case Studies in Northeastern Region of India"- শীৰ্ষক প্ৰকল্পত এবছৰৰ বাবে ২টা প্ৰকল্প সহযোগী-১ ( পি এ-১) আৰু ক্ষেত্ৰ কৰ্মী (এফ ডব্লিউ) -ৰ চাৰিটা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইয়াৰ কাম অধ্যাপক ডঃ ৰাতুল মহন্তৰ দিহা-পৰামৰ্শত হব। 

আগ্ৰহী প্ৰাৰ্থীসকলে এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত চাব পাৰে। 

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প সহযোগী-১, ক্ষেত্ৰ কৰ্মী। 

খালী পদ

প্ৰকল্প সহযোগী-১-ৰ ২টা আৰু ক্ষেত্ৰ কৰ্মীৰ ৪ টা। 

প্ৰকল্পৰ নামঃ 

প্ৰকল্প সহযোগী-১ৰ হৈছেঃ Climate Change and Sustainability of Agricultural Practices and Livelihoods in the Eastern Himalaya: Case Studies in Northeastern Region of India আৰু 

ক্ষেত্ৰ কৰ্মীৰ হৈছে ঃ Climate Change and Sustainability of Agricultural Practices and Livelihoods in the Eastern Himalaya: Case Studies in Northeastern Region of India


দৰমহা 

প্ৰকল্প সহযোগী-১ৰ মাহিলী ৩১ হেজাৰ টকাৰ লগতে ১৬ শতাংশ ঘৰ ভাড়া। 

ক্ষেত্ৰ কৰ্মীৰ মাহিলী ১৮ হেজাৰ টকাৰ লগতে মাহিলী ১৮ শতাংশ ঘৰ ভাড়া। 

অৱস্থান 

গুৱাহাটী, অসম। 

অন্তিম তাৰিখ 

৫ জানুৱাৰী, ২০২২

আৱেদন মাছুল

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতা :

প্ৰকল্প সহযোগী-১ৰ ক্ষেত্ৰত প্ৰাৰ্থী নেটসহ অৰ্থনীতি/ ভূগোল  / সমাজশাস্ত্ৰৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। 

ক্ষেত্ৰ কৰ্মীৰ ক্ষেত্ৰত প্ৰাৰ্থী অৰ্থনীতি/ ভূগোল / সমাজশাস্ত্ৰৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

আবেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলে অন্তিম তাৰিখ ৫ জানুৱাৰী ২০২২ৰ পূৰ্বে dstgueco@gmail.com-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে। 

বাছনি প্ৰক্ৰিয়া :  অহা ৬ জানুৱাৰী, ২০২২-ত সাক্ষাতকাৰ অনুষ্ঠিত হব। ইয়াৰ লিংক আৰু সময় প্ৰাৰ্থীসকলক জনোৱা হব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com