গোলাঘাটৰ ন্যায়পালিকাত চতুৰ্থবৰ্গৰ চাৰিটা পদ খালী

গোলাঘাটৰ জিলা আৰু সত্ৰ আদালতে চতুৰ্থবৰ্গৰ চাৰিটা পদত নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত অধিক তথ্য পাবঃ
গোলাঘাটৰ ন্যায়পালিকাত চতুৰ্থবৰ্গৰ চাৰিটা পদ খালী

গোলাঘাট জিলাৰ বিষয়েঃ 

গোলাঘাট  জিলা ২৬ ডিগ্ৰী আৰু ৯৪ ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত। ২০০১ৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা ৯, ৪৬, ২৭৯। ইয়াৰে ৪,৯০, ২৮৬ জন পুৰুষ আৰু ৪, ৫৫, ৯৯৩ গৰাকী মহিলা। জিলাখনত তিনিটা মহকুমা ক্ৰমে গোলাঘাট. ধনশিৰি আৰু বোকাখাত আছে। ধনশিৰি মহকুমাৰ সদৰ হৈছে সৰুপথাৰ আৰু বোকাখাতৰ সদৰ বোকাখাত। গোলাঘাটৰ জিলা সদৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। গোলাঘাট নগৰৰ পৰা মাথোঁ ২৭ কিলোমিটাৰ দূৰত্বত নুমলীগড় শোধনাগাৰ অৱস্থিত।  আঠখেলীয়া নামঘৰো গোলাঘাটতে অৱস্থিত। গোলঘাটৰ সদৰ স্থানৰ পৰা আঠখেলীয়া নামঘৰলৈ দূৰত্ব মাথোঁ ১৬ কিলোমিটাৰ। গোলাঘাট জিলা সুন্দৰ সেউজ পাহাৰ, জলপ্ৰপাত আদিৰে আগুৰি আছে। জিলাখনৰ অন্যতম পৰ্যটন আকৰ্ষণস্থলী হৈছে গৰমপানী। গৰমপানীয়ে ভাৰতৰ উপৰি বিদেশী পৰ্যটককো আকৰ্ষণ কৰে। 

গোলাঘাটৰ জিলা আৰু সত্ৰ আদালতে চতুৰ্থবৰ্গৰ চাৰিটা পদত নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত অধিক তথ্য পাবঃ 

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কাৰ্যালয়ৰ পিয়ন, গাড়ীচালক, গাড়ীচালক (ফিক্সড পে')

খালী পদৰ সংখ্যা 

কাৰ্যালয়ৰ পিয়নৰ ২টা, গাড়ীচালকৰ ১টা আৰু গাড়ীচালক (ফিক্সড পে)ৰ ১টা। 

বয়স

-১-১২-২০২১ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। 

দৰমহা 

কাৰ্যালয়ৰ পিয়নৰ মাহিলী ১২,০০০-৫২,০০০টকা, গ্ৰেড পেঃ ৩,৯০০টকা। গাড়ীচালকৰ ১৪,০০০-৬০,০০০টকা, গ্ৰেড পেঃ ৫,৯০০টকা।গাড়ীচালক (ফিক্সড পে)ৰ ১৫ হেজাৰ টকা (মাহিলী)। 

চাকৰিৰ স্থান

গোলাঘাট। 

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়। 

আবেদন প্ৰক্ৰিয়া

অফলাইন। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ

২৫-১২-২০২১।

ৱেবছাইট

https://golaghatjudiciary.gov.in//

অৰ্হতা- শিক্ষাগত অৰ্হতাঃ  প্ৰাৰ্থী ভাৰতীয় সংবিধানৰ ৫ আৰু অষ্টম অনুচ্চেদৰ অধীনত ভাৰতীয় নাগৰিক হব লাগিব। 

পদৰ নাম 

খালী পদ

কাৰ্যালয় পিয়ন

ন্যূনতম শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। উচ্চতম মাধ্যমিক উত্তীৰ্ণ বা ততোধিক শিক্ষাগ্ৰহণ কৰাসকলে আবেদন জনাব নোৱাৰিব। প্ৰাৰ্থীৰ অসমৰ স্থানীয় নিয়োগ বিনিময়  কেন্দ্ৰত নাম পঞ্জীয়ন হৈ থাকিব লাগিব। 

 গাড়ীচালক

ন্যূনতম শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। প্ৰাৰ্থীৰ গাড়ীচলকৰ অনুজ্ঞাপত্ৰ থাকিবই লাগিব। অসমৰ স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন হৈ থাকিব লাগিব।

_

গাড়ীচালক

ন্যূনতম শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ। প্ৰাৰ্থীৰ গাড়ীচলকৰ অনুজ্ঞাপত্ৰ থাকিবই লাগিব। অসমৰ স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন হৈ থাকিব লাগিব।

চালক 


পদৰ নাম

দৰমহা (প্ৰতি মাহে)

কাৰ্যালয়ৰ পিয়ন

১২,০০০-৫২,০০০টকা, গ্ৰেড পেঃ ৩,৯০০টকা

গাড়ীচালক

গাড়ীচালকৰ ১৪,০০০-৬০,০০০টকা, গ্ৰেড পেঃ ৫,৯০০টকা।

গাড়ীচালক (ফিক্সড পে)

মাহিলী ১৫ হেজাৰ টকা। 





বয়স :

পদৰ নাম

বয়স 

কাৰ্যালয়ৰ পিয়ন

১-১২-২০২১ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। 

গাড়ীচালক

১-১২-২০২১ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। 

গাড়ীচালক (ফিক্সড পে)

১-১২-২০২১ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। 





কেনেদৰে আবেদন জনাবঃ

তলত উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক :

The District & Sessions Judge, Golaghat-785521, Assamলৈ প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে। 

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া:

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com