IASST-ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
IASST-ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী


গুৱাহাটীস্থিত ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডীজ ইন ছায়েন্স এণ্ড টেকনোলজী হৈছে উত্তৰ - পূৰ্বাঞ্চলৰ এখনি আগশাৰীৰ বৈজ্ঞানিক গৱেষণা প্ৰতিষ্ঠান। প্ৰাৰম্ভিক দিনত ইয়াৰ আঁত ধৰিছিল অসম বিজ্ঞান সমাজে, আৰু ইয়াৰ শুভ উদ্ধোধনী কৰিছিল দৰথী চি. হদকিঙে, ১৯৭৯ চনৰ ০৩ নৱেম্বৰত। পৰবৰ্তী সময়ত ইয়ালৈ একমাত্ৰ স্বায়ত্ব-শাসিত গৱেষণা আৰু উন্নয়ন অনুষ্ঠান হিচাপে মাৰ্চ ২০০৯চন লৈকে ৰাজ্য চৰকাৰৰ পৰা সহযোগিতা আগ বঢ়াইছিল। তাৰ পাছতেই এই অনুষ্ঠান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ হাতলৈ যায়।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উন্নত অধ্যয়ন প্ৰতিষ্ঠান, গুৱাহটিত, ০১গৰাকী উপযুক্ত প্ৰাৰ্থীক দি.বি.টি. দ্বাৰা পুঁজি যুগুটোৱা এটি প্ৰকল্প, নাম, "Engineered Bioremeditation Approaches for Onsite Treatment of Soil Contaminated with Crude Oil" বাবে জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'

খালী পদৰ সংখ্যা : ০১

বয়স : অধিকতম ২৮বছৰ (০১/১০/২০২১ অনুসৰি)

দৰমহা : নিয়মাৱলী অনুসৰি

ঠিকনা : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ০৪/১১/২০২১

প্ৰকল্পৰ নাম : "Engineered Bioremeditation Approaches for Onsite Treatment of Soil Contaminated with Crude Oil"

শিক্ষাগত অৰ্হতা :

এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো পৰিবেশ বিজ্ঞান বিষয়ত নূন্যতম ৫৫% নম্বৰসহ M. SC উত্তীৰ্ণ হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নত অধ্যয়ন প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইট iasst.gov.in জৰিয়তে নিজৰ আবেদন পত্ৰ অহা ০৪ নৱেম্বৰ তাৰিখে লৈকে দাখিল কৰিব পাৰিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com