আই চি এম আৰৰ ডিব্ৰুগড়ৰ আঞ্চলিক গৱেষণা কেন্দ্ৰত পদখালী

ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ(আই চি এম আৰ)-ৰ ডিব্ৰুগড়ৰ আঞ্চলিক গৱেষণাগাৰে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আই চি এম আৰৰ ডিব্ৰুগড়ৰ আঞ্চলিক গৱেষণা কেন্দ্ৰত পদখালী

পদসমূহঃ

বিজ্ঞানী( অ-চিকিত্সা)

খালী পদৰ সংখ্যাঃ এটা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা জীৱন বিজ্ঞান/মলিকুলাৰ বায়োলজী/ মাইক্ৰোবায়োলজী/বায়োইনফৰমেটিক্স/বায়োকেমেষ্ট্ৰিত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু সংশ্লিষ্ট ক্ষেত্ৰত দুবছৰৰ কৰ্ম-অভিজ্ঞতা। অথবা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা জীৱন বিজ্ঞান/মলিকুলাৰ বায়োলজী/ মাইক্ৰোবায়োলজী/বায়োইনফৰমেটিক্স/বায়োকেমেষ্ট্ৰিত দ্বিতীয় শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইচ ডিসহ তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা।

বয়সৰ সীমাঃ ৩৫ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ মাহিলী ৪৮ হেজাৰ টকা আৰু ঘৰভাড়া।

এছ আৰ এফঃ

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা জীৱন বিজ্ঞান/মলিকুলাৰ বায়োলজী/ মাইক্ৰোবায়োলজী/বায়োইনফৰমেটিক্স/বায়োকেমেষ্ট্ৰিত স্নাতকোত্তৰ ডিগ্ৰী আৰু সংশ্লিষ্ট ক্ষেত্ৰত দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ৩৫ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ ২৮ হেজাৰ টকাৰ লগতে ঘৰভাড়া।

প্ৰকল্প কাৰিকৰী বিষয়া।

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা জীৱন বিজ্ঞান/মলিকুলাৰ বায়োলজী/ মাইক্ৰোবায়োলজী/বায়োইনফৰমেটিক্স/বায়োকেমেষ্ট্ৰি/বা সমাজশাস্ত্ৰ/ মেডিকেল ছচিয়েল ৱৰ্ক/ নৃতত্বৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব। লগতে পাঁচ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ৩০ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকা। লগতে ঘৰভাড়া।

পৰীক্ষাগাৰ টেকনিচিয়ান

খালী পদৰ সংখ্যাঃ ২টা।

অৰ্হতাঃ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। দুবছৰীয়া মে়ডিকেল লেবৰেটৰী টেকনোলজীৰ ডিপ্লমা থাকিব লাগিব।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকা।

বয়সীৰ সীমাঃ ৩০ বছৰৰ তলত।

ডাটা এন্ট্ৰী অপাৰেটৰ(গ্ৰেড-বি)

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু ডৱেকৰ এ-লেভেল প্ৰমাণপত্ৰ থাকিব লাগিব। দুবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। কম্পিউটাৰত স্পীড শ্বীটত এঘণ্টাত অন্ততঃ ৮ হেজাৰ কী টিপিব পাৰিব লাগিব।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকা।

বয়সৰ সীমাঃ ৩০ বছৰৰ তলত।

ডাটা এণ্ট্ৰী অপাৰেটৰ(গ্ৰেড-এ)

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু ডৱেকৰ এ-লেভেল প্ৰমাণপত্ৰ থাকিব লাগিব। দুবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। কম্পিউটাৰত স্পীড শ্বীটত এঘণ্টাত ৮ হেজাৰ কী টিপিব পাৰিব লাগিব।

দৰমহাঃ মাহিলী ১৭ হেজাৰ টকা।

বয়সৰ সীমাঃ ২৫ বছৰতকৈ কম।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে অহা ২০ ছেপ্টেম্বৰৰ ভিতৰত আবেদন icmrrcdi@nic.in-লৈ প্ৰেৰণ কৰিব লাগিব। আবেদনৰ সৈতে শিক্ষাগত অৰ্হতা, মাৰ্কশ্বিট, বয়স আদিৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিব লাগিব।

বাছনিভুক্ত প্ৰাৰ্থীক অহা ২২ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা হবলগা মৌখিক সাক্ষাতকাৰলৈ মতা হব।

সাক্ষাতকাৰৰ স্থানঃ ICMR-Regional Medical Research Centre, N. E. Region, Dibrugarh, Assam।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com