Begin typing your search above and press return to search.

ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অৱ ইনফৰমেচন টেকন'লজী দিল্লীত পদ খালী

ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অৱ ইনফৰমেচন টেকন'লজী দিল্লীয়ে পূৰ্ণকালীন সময়ৰ গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অৱ ইনফৰমেচন টেকনলজী দিল্লীত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jan 2022 9:30 AM GMT

ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অৱ ইনফৰমেচন টেকন'লজী দিল্লী (IIIT Delhi)-ৰ বিষয়েঃ

ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অৱ ইনফৰমেচন টেকন'লজী দিল্লী (IIIT Delhi) হৈছে দিল্লীস্থিত এখন স্বায়ত্বশাসিত চৰকাৰী বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠান হৈছে কম্পিউটাৰ ছায়েন্স আৰু সংলগ্ন খণ্ডত গুৰুত্ব দিয়া গৱেষণাকেন্দ্ৰিক প্ৰতিষ্ঠান। ২০২১লৈকে এই প্ৰতিষ্ঠানৰ বি টেক পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীৰ বাবে থকা আসনৰ সংখ্যা ৪৮৯খন আছিল।

২০০৮-ত আই আই আই টি- দিল্লী আইন অনুসৰি উক্ত প্ৰতিষ্ঠান ভাৰত চৰকাৰে স্থাপন কৰে। এই প্ৰতিষ্ঠানে প্ৰশাসনিক আৰু শৈক্ষিক স্বতন্ত্ৰতা নিশ্চিত কৰে। এই প্ৰতিষ্ঠানৰ সাধাৰণ সভা হৈছে ইয়াৰ সৰ্বোচ্চ সংস্থা আৰু ইয়ে প্ৰতিষ্ঠানখন চোৱাচিতা কৰাৰ লগতে উপাচাৰ্যক দিহা-পৰামৰ্শ দিয়ে। এই প্ৰতিষ্ঠানৰ আচাৰ্য হৈছে দিল্লীৰ উপ-ৰাজ্যপাল। তেওঁ প্ৰতিষ্ঠানখনৰ সাধাৰণ পৰিষদৰ অধ্যক্ষতা কৰে। এই প্ৰতিষ্ঠানৰ বোৰ্ড অৱ গৱৰ্ণৰ্ছ সঞ্চালক, চাৰিজন বিশেষজ্ঞ, দুজন চৰকাৰী নমিনী আৰু দুজন অধ্যাপকৰে গঠিত। এই বৰ্ডে চৰমহা ঠাৱৰ কৰে।

এই প্ৰতিষ্ঠান পৰিচালনাৰ মুৰব্বী হৈছে সঞ্চালক। বোৰ্ড অন গৱৰ্ণৰ্ছৰ হাতত সামগ্ৰিক নীতি প্ৰস্তুতকৰণ আৰু শাসনৰ অন্যান্য দায়িত্ব ন্যস্ত থাকে।

ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অৱ ইনফৰমেচন টেকন'লজী দিল্লী (IIIT Delhi)-নিযুক্তি-২০২২ঃ

ইন্দ্ৰপ্ৰস্থ ইনষ্টিটিউট অৱ ইনফৰমেচন টেকন'লজী দিল্লীয়ে পূৰ্ণকালীন সময়ৰ গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ


পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল আদিৰ তথ্য তলত দিয়া হৈছে:-


পদৰ নাম

গৱেষণা সহকাৰী।

খালী পদ

০১টা।

বয়স

তথ্য উপলব্ধ নহয়।

দৰমহা

প্ৰতি মাহে ৪৩ হেজাৰ টকা।

অন্তিম তাৰিখ

২০ ফেব্ৰুৱাৰী, ২০২২।

চাকৰিৰ স্থান

দিল্লী।

আবেদনৰ মাচুল

নাই।

ইমেইল

-

ৱেবছাইট

iiitd.ac.in

চাকৰিৰ প্ৰকাৰ

-


শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী।


অভিজ্ঞতাৰ বিশদঃ


প্ৰাৰ্থীৰ MATLAB/Python (desirable)-ত প্ৰগ্ৰামিঙত দক্ষতা থাকিব লাগিব।

প্ৰাৰ্থীয়ে ইংৰাজীত সলসলীয়াকৈ কথা পাতিব আৰু লিখিব পাৰিব লাগিব।

আবেদনৰ নিয়মঃ

অহা ২০ ফেব্ৰুৱাৰী, ২০২২লৈকে iiitd.ac.in-ৰ পৰা আবেদন জনাব পাৰিব।


আৰু চাব পাৰে : SMPU অসম নিযুক্তি ২০২২ - পৰামৰ্শদাতাৰ খালী পদ

Next Story
চাকৰি