Begin typing your search above and press return to search.

আই আই এম চিত সহকাৰী অধ্যাপকৰ পদ খালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব।

আই আই এম চিত সহকাৰী অধ্যাপকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2021 11:50 AM GMT

আই আই এম চিৰ বিষয়েঃ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই আই এম চি) ১৯৬৫ৰ ১৭ আগষ্টত উদ্বোধন কৰা হয়। প্ৰতিষ্ঠানখন উদ্বোধন কৰে তেতিয়াৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ইন্দিৰা গান্ধীয়ে। কেইজনমান কৰ্মচাৰী আৰু ইউনেস্কোৰ দুজন পৰামৰ্শদাতালৈ আই আই এম চি আৰম্ভ কৰা হয়। প্ৰতিষ্ঠাৰ পৰা প্ৰথম কিছু বছৰত এই প্ৰতিষ্ঠানে মূলতঃ কেন্দ্ৰীয় তথ্য সেৱাৰ বিষয়াবৰ্গক প্ৰশিক্ষণ দিছিল।

১৯৬৯ত আই আই এম চিয়ে উন্নয়নশীল দেশসমূহৰ বাবে সাংবাদিকতাৰ স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম আৰম্ভ কৰে। পৰৱ্ৰতী সময়ত ইয়াত বহুসংখ্যক বিশেষীকৃত পাঠ্যক্ৰমৰ সংযোজন ঘটোৱা হয়।

আই আই এম চিত চাকৰিঃ

পদৰ নামঃ

সহকাৰী অধ্যাপক।

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ গণসংযোগৰ পি এইচ ডি। সাংবাদিকতা বা গণসংযোগৰ স্নাতকোত্তৰ পৰীক্ষাত ন্যূনতম ৫৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব।

দৰমহাঃ মাহিলী ৪৫ হেজাৰ টকাৰ পৰা ৫৫ হেজাৰ টকা।

বয়সৰ সীমাঃ ৪০ বছৰ পৰ্যন্ত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬ ডিচেম্বৰ, ২০২১।

আবেদনৰ নিয়মঃ

আবেদন জনোৱাৰ বাবে iimc.nic.in চাব।

ৱেবছাইটৰ গুৰুত্বপূৰ্ণ লিংকসমূহত ক্লিক কৰিব। ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰিব।


আৰু চাব পাৰেঃ অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৰাজ্যিক প্ৰকল্প বিষয়াৰ পদ খালী

Next Story
চাকৰি